কলিয়াবৰ, 27 ডিচেম্বৰ: ঐতিহাসিক দৃষ্টিকোণেৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰ পৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে । অসমৰ সাহিত্যৰ প্ৰথম চানেকিস্বৰূপ চৰ্যাপদসমূহ এনে সাঁচিপাততেই লিখিত বুলি ঐতিহাসিকভাৱে স্বীকৃত ।
পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলৰ তত্ত্বাৱধানত অসমৰ চুকে-কোণে সিঁচৰতি হৈ থকা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদি সাঁচিপাতত লিখিত হ'বলৈ ধৰে । উক্ত পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগৃহীত আৰু সংৰক্ষিত হৈ আছে ।
কলিয়াবৰৰ ৰূপনাৰায়ণৰ গোনামৰা সত্ৰত সংৰক্ষিত হৈ আছে তেনে আপুৰুগীয়া সাঁচিপাতৰ পুথি । সংৰক্ষিত পুথিসমূহ ২০১০ চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ দিহা কৰাৰ লগতে এই পুথিসমূহৰ অবিকল ৰূপ সংৰক্ষণ হৈ আছে কলাক্ষেত্ৰত । দুজনা গুৰু প্ৰণীত পুথিৰ লগতে সমসাময়িক আৰু পৰৱৰ্তী সময়ৰ গুৰুসকলৰ প্ৰণীত ১২০ খন সাঁচিপাতৰ পুথি শ্ৰীশ্ৰীৰূপনাৰায়ণ গোনামৰা সত্ৰত সংৰক্ষিত হৈ আছে ।