অসম

assam

ETV Bharat / state

পৱিত্ৰ ভাদ মাহলৈ এটা দিন, হৰি নামৰ ধ্বনিত মুখৰিত বটদ্ৰৱা থান - Batadraba Than Bhado Month

বটদ্ৰৱাৰ ঐতিহ্যময় দুই সত্ৰৰ ভকত বৈষ্ণৱ আৰু আইমাতৃ সকলে ভাদ মাহৰ পৰম্পৰা জীপাল কৰি তুলিবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানলৈ আগমন ঘটিব হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ। ভকত বৈষ্ণৱক আদৰিবলৈ এতিয়া দিনে নিশাই ব্যস্ত থান পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল ।

পবিত্ৰ ভাদ মাহলৈ এটা দিন, হৰি নামৰ ধ্বনিত মুখৰিত বটদ্ৰৱা থান

By

Published : Aug 17, 2019, 1:12 PM IST


নগাঁও, 17 আগষ্টঃ মহাপুৰুষ গুৰুজনাৰ জন্ম স্থান নগাঁৱৰ বটদ্ৰৱা থানত এতিয়া ব্যস্ত ভকত বৈষ্ণৱ সকল । হৰি নামৰ অমল ধ্বনিত মুখৰিত গুৰু জনাৰ পবিত্ৰ জন্ম স্থান বটদ্ৰৱা ৷ পৱিত্ৰ ভাদ মাহলৈ মাত্ৰ এটা দিন বাকী । অসমীয়া জাতিৰ সংস্কৃতিৰ অনুশীলনৰ মাহ হিচাপে পৰিগণিত হোৱা ভাদ মাহত অসমৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোক সকলৰ মাজত এক আনন্দময় ভক্তিভাৱ ৷ পুৱাৰ পৰা নিশালৈকে এতিয়া ব্যস্ত হৈ পৰিছে গায়ন-বায়ন সকল ৷ বটদ্ৰৱাৰ ঐতিহ্যময় দুই সত্ৰৰ ভকত বৈষ্ণৱ আৰু আইমাতৃ সকলে ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি তুলিবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানলৈ আগমন ঘটিব, দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ ভকত বৈষ্ণৱ । ভকত বৈষ্ণৱক আদৰিবলৈ এতিয়া দিনে নিশাই ব্যস্ত থান পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল । ইতিমধ্যে পৰিচালনা সমিতিয়ে ভকত বৈষ্ণৱে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশুদ্ধ খোৱাপানী ,প্ৰসাদ দিয়া স্থান, অতিথিশালা , জিৰণিচৰা ,গাড়ী পাৰ্কিং আদি সকলো সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰোপৰি বটদ্ৰৱা থানৰ কীৰ্তনঘৰৰ দেৱাল, খুটা, চিঙত নতুনকৈ ৰং সানি এক সুন্দৰ পৰিবেশ সৃষ্টি কৰিছে ।

পবিত্ৰ ভাদ মাহলৈ এটা দিন, হৰি নামৰ ধ্বনিত মুখৰিত বটদ্ৰৱা থান
উল্লেখ্য যে, জগত গুৰুজনাৰ থানত পবিত্ৰ ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক সৰোগত কৰি অনুষ্ঠিত হ’বলগীয়া চৈধ্য প্ৰসংগ দেওবাৰৰ পৰা আৰম্ভ হব । প্ৰায় 600 বছৰ আগতেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গুৰুজনাই এক শৰণ হৰি নাম ধৰ্মৰে সকলোকে একতাৰ দোলেৰ বান্ধি বিশ্ব দৰবাৰত চিনাকী কৰি থৈ গ'ল ৷ গুৰুজনাৰ অমৰ সৃষ্টি খোল,তাল,নাগাৰা,বৰগীত,কীৰ্তন-দশম, নাট,ভাঁওনাৰ লগতে গুৰুজনাৰ অমৰ সৃষ্টি 'নামঘৰ' আমাৰ প্ৰত্যেকজন অসমীয়াৰ ঘৰে ঘৰে বিৰাজমান ৷

ABOUT THE AUTHOR

...view details