নগাঁও, 8মে': পবিত্ৰ ঈদ-উল-ফিতৰলৈ মাজত মাত্ৰ পাঁচটা দিন বাকী ৷ সম্পূৰ্ণ ৰমজান মাহটো ৰোজা ৰাখাৰ পাছত মহামাৰী কৰ'ণাৰ আতংকময় পৰিবেশৰ মাজতে পবিত্ৰ ঈদ-উল-ফিতৰক আদৰিবলৈ সাজু হৈছে এতিয়া সমগ্র ৰাজ্যৰ সমান্তৰালকৈ নগাঁও জিলাৰ ধিঙৰ ইচলাম ধৰ্মালম্বী লোকসকলেও । এই সংকটৰ সময়তো হেঁপাহৰ ঈদ-উল-ফিতৰক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে ইচলাম ধৰ্মী গঞা ৰাইজে । ক'ভিড প্ৰট’কলৰ মাজতেই প্ৰয়োজনীয় সা-সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰাৰ লগতে ঘৰৰ জীয়াৰী-বোৱাৰী সকল ব্যস্ত হৈ পৰিছে ৰং-বিৰঙৰ পিঠা-পনা, চেৱৈকে আদি কৰি বিভিন্ন ধৰণৰ সু-স্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰাত ।
কৰ'ণা আতংকৰ মাজতেই ৰাজ্যত ঈদৰ প্ৰস্তুতি - ইচলাম ধৰ্মী লোক সকল
পবিত্ৰ ঈদ-উল-ফিতৰলৈ মাজত মাত্ৰ পাঁচটা দিন বাকী থকাৰ সময়তে ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে পবিত্ৰ ঈদ-উল-ফিতৰক লৈ ব্যাপক উচাহ-উদ্দীপনা ৷ ক'ভিড প্ৰটকলৰ মাজেৰেই ৰাজ্যৰ ইচলাম ধৰ্মী লোক সকলে এইবাৰ পালন কৰিব পবিত্ৰ ঈদ-উল-ফিতৰ ৷
কৰ'ণা আতংকৰ মাজতেই ৰাজ্যত ঈদৰ প্ৰস্তুতি
গ্ৰাম্যাঞ্চলৰ ঘৰে ঘৰে দেখিবলৈ পোৱা গৈছে ৰং-বিৰঙৰ পিঠা-পনা বনোৱাৰ প্ৰস্তুতি । আনহাতে, ঈদগাহ সমূহৰ লগতে আটক ধুনীয়াকৈ সজাই তোলা হৈছে তোৰণ । চহৰ,নগৰ,গ্ৰাম্যাঞ্চল সকলোতে দেখা গৈছে ঈদৰ উৎসাহ আৰু উদ্দীপনা ৷ বজাৰ সমূহতো দেখা গৈছে ঈদক লৈ ব্যপক ভিৰ । কৰ'ণা মহামাৰী আৰু অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰিলেও ক'ভিড প্ৰট’কল মানি নতুন সাজপাৰ ক্ৰয় কৰি পবিত্ৰ ঈদ-উল-ফিতৰৰ বাবে সাজু হৈছে এতিয়া ৰাজ্যৰ প্ৰতিজন ইচলাম ধৰ্মী লোক ৷
অন্য এক খবৰৰ বাবে: ডিফুত পথ দুৰ্ঘটনাত আহত এজন