চামগুৰি, 28 নৱেম্বৰঃ ক'ৰণা মহামাৰীৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে ৰাস মহোৎসৱ। ইয়াৰ সমান্তৰালভাৱে নগাঁও জিলাৰ চলচলিৰ জলাহ গাঁৱত উদযাপন কৰিবলৈ লোৱা হৈছে ৰাস মহোৎসৱ ৷
ইতিমধ্যে ৰাসৰ লীলাৰ আখৰা কৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ অৰ্ধ শতাধিক মহিলা-যুৱতী আৰু ১০ বছৰৰ ওপৰৰ শিশু সকল । উদ্যোক্তাই সদৰি কৰা মতে, ক'ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰ চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা তথা ক'ভিড প্ৰট'কল মানি চলিহে পৰম্পৰাগত উৎসৱটি পালনৰ প্ৰস্তুতিৰ চলাইছে জলাহ গাঁৱৰ ৰাইজে ।
পুৰণিগুদামত ক'ভিড প্ৰট'কল মানি ৰাস মহোৎসৱৰ প্ৰস্তুতি তদুপৰি অহা ডিচেম্বৰ মাহৰ ৩ আৰু ৪ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৰাস উৎসৱটিৰ প্ৰায় ৪৮ ঘণ্টাৰ পূৰ্বে সকলো গায়ন-বায়ন, খনিকৰ-পাচনি, অভিনেতা-অভিনেত্ৰী তথা কমিটিৰ সকলো বিষয় ববীয়া সদস্যই ক'ভিড টেষ্ট কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷ ইয়াৰ লগতে প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম অনুসৰি ৰাস লীলা উপভোগ কৰিবলৈ অহা ভক্ত প্ৰাণ দৰ্শক সকলেও ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে মাস্ক আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে জলাহ গাঁৱৰ ৰাস উদযাপন সমিতিয়ে ৷
লগতে পঢ়কঃ মুখত যি আহে তাকেই বকিছে হিমন্তই : অঞ্জলী দৈমাৰী