কলিয়াবৰ,13 মে’:চাওতে চাওতে শেষ হ'বৰে হ'ল বহাগ মাহ ৷ জেঠ মাহৰ আগমনৰ লগে লগেই ৰাজ্যলৈ নামিব বাৰিষা । বাৰিষাৰ লগে লগেই ৰাজ্যত একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিব প্ৰলংয়কৰী বানে ৷ বছৰি সমগ্ৰ অসম বানত বুৰ গৈ থকাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুসকলেও কবলত পৰে বানত । এই সময়চোৱাত কুলাই-পাচিয়ে নধৰা হয় উদ্যানখনৰ জীৱ-জন্তুৰ দুৰ্গতি ।
অৱশ্যে, জীৱকূলক যিকোনো দুৰ্গতিৰ পৰা ৰক্ষা কৰিবলৈ সদা-সষ্টম হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বন বিভাগ এইবাৰো সাজু হৈ উঠিছে সমাগত বাৰিষাক কেন্দ্ৰ কৰি । বাৰিষাৰ পূৰ্বেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষৰ বিষয়া-কৰ্মী, বনৰক্ষীসকলে ৬ খনকৈ নতুন নাওৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে বিশখনকৈ পুৰণা নাও মেৰামেতি কৰি উলিয়াইছে ৷ ইয়াৰ লগে লগে সাজু কৰি ৰখা হৈছে ষ্পীড ব'ট তথা মেছিন নাওসমূহ ৷