ৰহা, 4 মাৰ্চ : ৰহাৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত বিগত বছৰসমূহৰ দৰে চলিত বৰ্ষতো অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে (preparation for celebrating dol utsav in Assam) । ইতিমধ্যে থান পৰিচালনা আৰু উৎসৱ উদযাপন সমিতিয়ে দৌল উৎসৱৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । উল্লেখযোগ্য যে ১৯৯৩ চনৰে পৰা ক্ৰমাগতভাৱে উদযাপন কৰি অহা সাৰ্বজনীন গৰখীয়া থানৰ দৌল উৎসৱে চলিত বৰ্ষত ৩০ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে (Assam dol utsav) ।
৩৫৫ বছৰীয়া ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ কাৰ্যসূচী অনুসৰি অহা ৬ মাৰ্চত পুৱা পৰিৱেশ নিকাকৰণ, গছ পুলি ৰোপনৰ অন্তত থানৰ ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পন, দান বৰঙণি- শৰাই-সফুঁৰা গ্ৰহণ, সোঁৱৰণি তোৰণ উন্মোচন, কীৰ্তন পাঠ, দুপৰীয়া প্ৰসংগ, নৱ নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হ'ব । বিয়লি শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ অন্তত সমূহীয়া বন্তি প্ৰজ্বলন আৰু সান্ধ্য প্ৰসংগৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি মৰা হ'ব ।
৭ মাৰ্চত পুৱা দৌল মন্দিৰত দৌল ধ্বজা উৰণ, মণিকূট-বন্তি প্ৰজ্বলনৰ পাছত অঞ্চলৰ ২৯ গৰাকী নামঘৰৰ বিষয়ববীয়াই ধৰ্ম ধ্বজা আৰু জলচী লৈ উৎসৱ স্থলীলৈ যাত্ৰা কৰিব ৷ যাত্ৰা কৰাৰ অন্তত ৩০ খনি ধৰ্মধ্বজা উত্তোলনৰ পাছতে গোঁসাই স্নান-স্থাপন আৰু ভকতক নিৰ্মালী প্ৰদান কৰা হ'ব । অনুষ্ঠানত মুখ্য অতিথি ৰূপে স্বাস্থ্য মন্ত্ৰী আৰু বিশিষ্ট অতিথি ৰূপে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত থাকিব ।