নগাঁও, 16 ডিচেম্বৰ :নগাঁৱৰ একাংশ ব্যক্তিগত চিকিৎসালয়ৰ মইমতালিয়ে ৰোগী তথা ৰোগীৰ পৰিয়ালক অতিষ্ঠ কৰাৰ বাতৰি বাৰম্বাৰ প্ৰকাশ হৈ থকাৰ সময়তে পুনৰ এবাৰ বিতৰ্কত সাঙোৰ খাই পৰিছে নগাঁৱৰ জি ডি হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰ(Private nursing home of Nagaon in controversy) । অভিযোগ অনুসৰি, নগাঁৱৰ ধিং বিলতীয়া গাঁৱৰ আছমিনা খান নামৰ মহিলাগৰাকীক সন্তান প্ৰসৱৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে ভৰ্তি কৰা হয় নগাঁৱৰ জি ডি নাৰ্ছিং হ’ম এণ্ড ৰিচার্জ চেণ্টাৰত ।
বুধবাৰে নিশা নাৰ্ছিং হোমখনত ভৰ্তি কৰা মহিলাগৰাকীৰ পুৱাই মৃত্যু হয় । মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই উত্তাল হৈ পৰে জি ডি নাৰ্ছিং হ’ম । চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ(Woman dies of wrong treatment in Nagaon) ।
চিকিৎসালয়খনৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত অৰ্ধসামৰিক বাহিনীৰ দল লগত লৈ উপস্থিত হয় আৰক্ষী ।