নগাঁও, 22 আগষ্ট: সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিজেপি দলৰ ন-পুৰণি কৰ্মীৰ মাজত সংঘাতৰ সন্দৰ্ভাত বিজেপিক সমালোচানা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ সোমবাৰে সংবাদমেল পাতি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷ ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে কংগ্রেছক চাৰ্জাৰী কৰিব বিচাৰিছিল বিজেপিয়ে । ৰাজনৈতিক অভিসন্ধিৰ বাবে বিজেপিয়ে ভৌগোলিক সীমা নিৰ্ধাৰণ কৰিছে যদিও ইয়াৰ পৰা বিজেপি লাভাম্বিত হ'ব নোৱাৰে ৷’’ এই মন্তব্য সাংসদ বৰদলৈৰ ৷
নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কৰা মন্তব্য মানি লোৱা নাই বুলি মন্তব্য কৰে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । তেওঁ কয়, ‘‘নগাঁও লোকসভা সমষ্টিৰ পৰা পুনৰ কংগ্ৰেছৰ প্ৰৰ্থী জয়ী হ’ব । যদিও ৰাজেন গোহাঁইয়ে নগাঁও সমষ্টি আজমলক গতাই দিয়া বুলি কৈছে সেয়া তেনে কোনো কথা নহয়, সেই অভিযোগ নস্যাৎ কৰিছো মই ৷’’