চামগুৰি,১৫ অক্টোবৰ :অসম গণ পৰিষদৰ কৰ্মী আৰু সমৰ্থকসকলৰ বাবে সুখবৰ । সুস্থ হৈ উঠিছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত (Prafulla Kumar Mahanta has recovered)। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা নেতাগৰাকীয়ে শনিবাৰে পুৰণিগুদামৰ এখন বিবাহথলীত উপস্থিত হয় ।
নেতাগৰাকী বিবাহথলীত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ অনুৰাগীসকলেও ভিৰ কৰা দেখা যায় । ইফালে বিয়াঘৰত উপস্থিত থকা লোকসকল আৰু অগপ দলৰ সমৰ্থকসকলেও নেতাগৰাকীক সাক্ষাৎ কৰে (Former CM PK Mahanta attends wedding ceremony)। নেতাগৰাকীক সংগ দিয়ে পত্নী তথা সাহিত্যিক ড৹ জয়শ্ৰী গোস্বামী মহন্তই ।
ইফালে অগপ দলৰ প্ৰতিষ্ঠা দিৱস (AGP foundation Day) সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰফুল্ল কুমাৰ মহন্তই কয় যে তেওঁ আশাবাদী যে ৰাজ্যৰ লোক দলেবলে ওলাই আহিব আৰু অসম গণ পৰিষদ দলত যোগদান কৰিব । ইয়াৰ দ্বাৰা দলটো অধিক শক্তিশালী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁৰ মতে অগপ দলক শক্তিশালী কৰিব লাগিব । কিয়নো তেওঁ বিশ্বাস কৰে যে আঞ্চলিক শক্তি অবিহনে অসমত শান্তি-শৃংখলাই বিৰাজ কৰিব নোৱাৰে ।