অসম

assam

শিক্ষা মন্ত্ৰীৰ পত্ৰক একপ্ৰকাৰ সমৰ্থন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

By

Published : Aug 22, 2022, 12:46 PM IST

শিক্ষা মন্ত্ৰীৰ পত্ৰক লৈ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (Pradyut Bordoloi comments on letter of education minister) । শিক্ষা মন্ত্ৰীৰ পত্ৰক একপ্ৰকাৰ সমৰ্থন কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

Pradyut Bordoloi
Pradyut Bordoloi

নগাঁও, ২২ আগষ্ট :অসমৰ শিক্ষা মন্ত্ৰীৰ এখন পত্ৰক কেন্দ্ৰ কৰি বৰ্তমান তোলপাৰ ৰাজ্যৰ ৰাজনীতি । শিক্ষা মন্ত্ৰীগৰাকীৰ নিৰ্দিষ্ট পত্ৰখনক কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে । প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে বিভিন্ন পক্ষই ।

উল্লেখ্য, প্ৰাক্তন ছাত্ৰ, এন জি অ' আদিৰ পৰা সাহায্য বিচাৰি শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে এখন পত্ৰ প্ৰেৰণ কৰিছিল (Education Minister Ronoj Pegu sent letter seeking help) । উক্ত পত্ৰখন প্ৰেৰণৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ (reaction on education minister Ranoj Pegu letter) । অসম চৰকাৰৰ লাওলোৱা অৱস্থাৰ কথা শিক্ষামন্ত্ৰীৰ পত্ৰখনে উদঙোৱা বুলি কেউফালে চৰ্চিত হৈছে ।

শিক্ষা মন্ত্ৰীৰ পত্ৰক একপ্ৰকাৰ সমৰ্থন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

শিক্ষা মন্ত্ৰীৰ পত্ৰখনে অসম চৰকাৰৰ অৰ্থনৈতিক দুৰৱস্থাৰ প্ৰকৃত ছবিখন উদঙাই দিয়া বুলিও চর্চা চলি আছে (exposed economic condition of Assam government) । এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তাৰ মাজতে শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগুৰ পত্ৰখনক একপ্ৰকাৰ সমৰ্থন জনালে নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Nagaon Congress MP Pradyut Bordoloi) ।

এই সন্দৰ্ভত নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়াইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi support to letter of education minister) । তেওঁ কয়, "ডঃ ৰণোজ পেগুৰ পত্ৰ মই পঢ়া নাই । তথাপিও বিদ্যালয় সবলীকৰণৰ বাবে চৰকাৰে সহায় বিচৰাটো কোনো অপৰাধ হ'ব নোৱাৰে । নিজে পঢ়া স্কুল-কলেজৰ প্ৰতি সকলোৰে দায়িত্ব থাকে । নিজৰ পঢ়াশালিখন সুন্দৰকৈ ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য । চৰকাৰে হয়তো বুজোৱাত খেলিমেলি হৈছে । কিন্তু বিদ্যাঞ্জলি আঁচনিখন বেয়া বুলি মই নাভাবোঁ (Assam Government Bidyanjali Scheme)।"

এই মন্তব্য কৰি চৰকাৰ তথা শিক্ষা বিভাগক আওপকীয়াকৈ সমৰ্থন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লগতে কয় যে এই আঁচনিৰ জৰিয়তে বিদ্যালয়ত ৰাইজৰ অংশীদাৰিত্ব বাঢ়িব । অংশীদাৰিত্ব বঢ়াৰ লগে লগে দায়িত্বও বঢ়াব । আনহাতে, এআইইউডিএফৰে শত্ৰুতাই কংগ্ৰেছৰ কোনো ক্ষতি নকৰে বুলিও মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে (Congress and AIUDF conflict) । লগতে কংগ্ৰেছৰ গণভিত্তি যথেষ্ট শক্তিশালী বুলিও মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক :আন্দোলনৰ ভাবুকি দি আটক হ’বলগীয়া হ’ল টেট উত্তীৰ্ণ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details