নগাওঁ,17 ডিচেম্বৰঃ গাওঁ আৱৰ্ত ভৱনত আয়োজন কৰা সংবাদ মেলত সাংসদ প্ৰদ্যুত বৰদলৈয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰে মঙলবাৰে ৷ অসমবাসীৰ আন্দোলনক হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰাৰো অভিযোগ প্ৰদ্যুত বৰদলৈৰ। এসময়ত হিমন্ত বিশ্ব শৰ্মাই হাতত পিষ্টল,বোমা লৈ সন্ত্ৰাস সৃষ্টি কৰিছিল । এটা বিশেষ সম্প্ৰদায় আৰু কংগ্ৰেছক টাৰ্গেট কৰি আন্দোলন নিঃশেষ কৰিব বিচাৰিছে হিমন্তই । বৰ্তমান অসমত বহু গুপ্তঘাটক ঘূৰি ফুৰা বুলিও মন্তব্য কৰে সাংসদজনে।
হিমন্তই বোমা পিষ্টল লৈ ডকাইতি কৰিছিলঃ প্ৰদ্যুৎ বৰদলৈ - হিমন্তই বোমা পিষ্টল লৈ ডকাইতি কৰিছিলঃ প্ৰদ্যুত বৰদলৈ
মঙলবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হ'ল নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ৷ এক সংবাদমেলত মন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰি কয় যে,এটা সময়ত হিমন্তই বোমা পিষ্টল লৈ ডকাইতি কৰিছিল। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ নামত হিংসাত্মক ঘটনা হিমন্তৰ নেতৃত্বতে সংঘটিত হৈছে। আন্দোলনকো সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলাইছে মন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাই ৷
হিমন্তই বোমা পিষ্টল লৈ ডকাইতি কৰিছিলঃ প্ৰদ্যুৎ বৰদলৈ
সম্প্ৰতি কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত আতংকৰ সৃষ্টি কৰিছে বিজেপিয়ে । তেওঁৰ অভিযোগ, আন্দোলনৰ সময়ত চৰকাৰে গুৱাহাটী মহানগৰীৰ ষ্ট্ৰীট লাইট ৰহস্যজনকভাৱে বন্ধ কৰিছিল ৷
আৰু পঢ়ক জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ চৌহদত অব্যাহত প্ৰতিবাদ
TAGGED:
Pradyut Bordoloi press meet