অসম

assam

ETV Bharat / state

ৰকিবুল হুছেইনৰ প্ৰশংসাত পঞ্চমুখ সাংসদ প্ৰদ্যুত বৰদলৈ - ৰহা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত

ৰহা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত এখন দলীয় সভাত "আমাৰ মাজত কোনো কাজিয়া নাই ৰকিবুল আৰু মই ভাল বন্ধু,কিবা এটা কথাত চাৰিবেৰৰ মাজত মতবিৰোধ হ'ব পাৰে কিন্তু বাহিৰত গৈ মাৰপিট কৰা নাই বুলি উল্লেখ কৰে প্ৰদ্যুত বৰদলৈয়ে ৷

pradyut bordoloi  reaction rokybul hussain  confilect at raha
ৰকিবুল হুছেইনৰ প্ৰশংসাত পঞ্চমুখ সাংসদ প্ৰদ্যুত বৰদলৈ

By

Published : Jun 21, 2020, 10:38 PM IST

ৰহা,21জুনঃ "আমাৰ মাজত কোনো কাজিয়া নাই ৰকিবুল আৰু মই ভাল বন্ধু, আমি একেলগে কাম কৰিছো আৰু ৰকিবুল হুছেইন আমাৰ দলৰ সম্পদ। অগেনাইজিং কেপাচিটি থকা কঠোৰ পৰিশ্ৰমী এজন নেতা।গতিকে আমাৰ মাজত একো নাই কিবা এটা কথাত চাৰিবেৰৰ মাজত মতবিৰোধ হ'ব পাৰে কিন্তু বাহিৰত গৈ মাৰপিট কৰা নাই। তাকে বেছিকৈ বাহিৰত উলিয়াই দিয়ে।" দেওবাৰে ৰহাত সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

ৰকিবুল হুছেইনৰ প্ৰশংসাত পঞ্চমুখ সাংসদ প্ৰদ্যুত বৰদলৈ

ইপিনে ৰহা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসক কাষত লৈ দলীয় একাংশ নেতা-কৰ্মীৰে হোৱা আলোচনাৰ প্ৰাকমূহুৰ্ত্বত ৰহাৰ স্থানীয় সংবাদ মাধ্যমৰ আগত নিজৰ মতামত প্ৰকাশ কৰি কয় যে, আগন্তুক সময়ত ৰাজ্যত কংগ্ৰেছ দলে সবল স্থিতিলৈ আনিবলৈ সক্ষম হ'ব বুলি কয়। লগতে সাংসদ গৰাকী পৰৱৰ্তী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাভ কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত আগন্তুক নিৰ্বাচনলৈকে নেতৃত্বৰ কোনো সলনি নহয় বুলি কয়।

ইয়াৰ বিপৰীতে সকলোৱে মিলি কংগ্ৰেছ দলক ক্ষমতাত প্ৰতিষ্ঠিত কৰা। লগতে তেঁও পুনৰ বিধান সভা নিৰ্বাচনত প্ৰতিদন্দিতা নকৰে বুলি মন্তব্য কৰি বৰ্তমান ৰাইজে ২০২৪ চনলৈকে সাংসদ হিচাপে দ্বায়িত্ব দিছে সেই দ্বায়িত্ব পালন কৰি যাব বুলি কয়। তদুপৰি আগন্তুক নিৰ্বাচনত এ আই ইউ ডিএফৰ লগত বৰ্তমানলৈকে কোনো মিত্ৰতা নাই বুলি স্পষ্টকৈ মন্তব্য কৰে। উল্লেখ্য যে,বৰ্তমান বিজেপিৰ দখলত থকা ৰহা সমষ্টিটো আগন্তুক বিধান সভা নিৰ্বাচনত কিদৰে কংগ্ৰেছৰ হাতলৈ আনিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি সাংসদ গৰাকীয়ে ৰহাত দলীয় একাংশ নেতা -কৰ্মীৰে গোপনে বহিল বৈঠক।

লগতে পঢকঃ পিতৃ দিৱসঃ পিতৃৰ হাতত প্ৰাণ গ'ল 3 বছৰীয়া কন্যাৰ

ABOUT THE AUTHOR

...view details