বঢ়মপুৰ, 22মাৰ্চ: যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । এফালে যদি মহাজোঁটৰ নিৰ্বাচনী ইস্তাহাৰৰ পাঁচটা গেৰাণ্টি আনফালে মিত্ৰজোঁটৰ প্ৰতিশ্ৰুতিৰ বন্যা । দেওবাৰে বঢ়মপুৰ সমষ্টিৰ দেৱনাৰীকলি, কামপুৰ, তেতেলীসৰা, নামবৰকে ধৰি কেইবাটাও পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ১০নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ।
নিৰ্ধাৰিত সময়ৰ বিপৰীতে কেইবাঘণ্টা পলমকৈ অনুষ্ঠিত হোৱা সভাখনত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি পৰোক্ষভাৱে পলায়নকাৰী, তথা ঋণৰ নামত বেংকৰ ধন আত্মসাৎ কৰা জিতু গোস্বামীক অসম নীৰৱ মোদী আখ্যা দিয়ে সাংসদ গৰাকীয়ে । কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ উল্লেখিত পাঁচটা গেৰাণ্টিক দোহাৰি দি বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকো তীব্ৰ সমালোচনা কৰে প্ৰদ্যুত বৰদলৈয়ে । আনকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই বিজেপিয়ে বস্তাৰ গেলা আলুৰ দৰে প্ৰফুল্ল কুমাৰ মহন্তক দলিয়াই পেলোৱা বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ।