অসম

assam

ETV Bharat / state

মদ-মাংস বিলাই তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপিয়ে:সাংসদ প্ৰদ্যুৎ বৰদলৈ - সাংসদ প্ৰদ্যুৎ বৰদলৈ

মদ-মাংস বিলাই বিজেপিয়ে ১৭ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া তিৱা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বুলি এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । আজিৰ সময়ত মদ-মাংস বিলাই জনতাৰ ভোট আদায় কৰিব নোৱাৰে বুলি স্পষ্ট মত প্ৰকাশ কৰি তেওঁ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে সৰ্বাধিক আসন লাভ কৰিব এক ধাৰণা প্ৰকাশ কৰে ৷

pradyut bordaloi at tiwa election
মদ-মাংস বিলাই তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপিয়ে

By

Published : Dec 15, 2020, 10:49 PM IST

নগাঁও 15 ডিচেম্বৰ : নিৰ্বাচনৰ সময়ত মদ-মাংস, পইচা বিলাই জনতাৰ ভোট আদায় কৰা ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশৰ ৰাজনৈতিক দল সমূহৰ এক পৰম্পৰা হৈ পৰিছে ৷ কিয়নো নিৰ্বাচনৰ সময়ত বিলাসী গাড়ীত আৰক্ষীৰ বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ ঘটনা আৰু সঘনাই সচেতন লোকসকলে এই সন্দৰ্ভত উত্থাপন কৰি অহা অভিযোগ সমূহে অতিমধ্যে এই কথাত স্পষ্টতা প্ৰদান কৰিছে ৷

মদ-মাংস বিলাই তিৱা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপিয়ে

পুনৰ এনে এক অভিযোগ উত্থাপন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ মদ-মাংস বিলাই বিজেপিয়ে ১৭ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া তিৱা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বুলি এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

উল্লেখ্য যে, নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ মুঠ ৩০ টা তিৱা স্বায়ত্ব শাসিত পৰিষদ সমষ্টিত মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ সামৰিলে ৰাজনৈতিক দল সমূহে ৷ মঙলবাৰে কেইবাটাও সমষ্টিত প্ৰচাৰ চলোৱা অন্তত বিজেপিক তীব্ৰ সমালোচনা কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

সংবাদ মাধ্যমক সম্বোধন কৰি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিক লক্ষ্য কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰিং মাষ্টাৰ আখ্যা দিয়ে ৷ তদুপৰি আজিৰ সময়ত মদ-মাংস বিলাই জনতাৰ ভোট আদায় কৰিব নোৱাৰে বুলি স্পষ্ট মত প্ৰকাশ কৰি তেওঁ তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছে সৰ্বাধিক আসন লাভ কৰিব এক ধাৰণা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সিংঘু সিমান্তত পুনৰ এজন কৃষকৰ মৃত্যু

ABOUT THE AUTHOR

...view details