অসম

assam

কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

By

Published : May 28, 2021, 4:36 PM IST

নগাঁৱৰ কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিলে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বজাৰখনৰ প্ৰতিগৰাকী ব্যৱসায়ীক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি সাংসদ গৰাকীয়ে কামপুৰ নগৰীয়া ক'ভিড চিকিৎসালয়খন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷

pradyut Bardoloi distributed masks and sanitizers in kampur market
কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

বঢ়মপুৰ,28 মে': ৰাজ্যৰ চৌদিশে মহামাৰী কৰ'ণাই ভয়াবহ ৰূপ ধাৰণ কৰাত শুকুৰবাৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে ৷ সাংসদ গৰাকীয়ে বজাৰ খনৰ প্ৰতিখন দোকানলৈ গৈ ব্যৱসায়ীসকলৰ মাজত কৰ'ণাৰ লগত যুঁজিবলৈ মাস্ক, চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে ব্যৱসায়ীসকলক সজাগ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। বজাৰখনৰ প্ৰতিগৰাকী ব্যৱসায়ীক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি সাংসদ গৰাকীয়ে কামপুৰ নগৰীয়া ক'ভিড চিকিৎসালয়খন পৰিদৰ্শন কৰি জিলাখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিজেও কৰ'ণা পৰীক্ষা কৰে ৷

কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

আনহাতে, অসম-নাগালেণ্ড সীমান্ত পৰিভ্ৰমণ কৰিবলৈ যোৱা মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক নগা দূৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দি চৰকাৰক শীঘ্ৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাই ৷ সাংসদ গৰাকীৰ এই মাস্ক বিতৰণ কাৰ্যসূচীত সমাজকৰ্মী সুৰেশ বৰা আৰু কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকি সহযোগিতা আগবঢ়াই।

লগতে পঢ়ক:হাতত বেলছা-পাচি লৈ মথাউৰি নিৰ্মাণত ব্যস্ত বিধায়ক অমিয় কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details