অসম

assam

ETV Bharat / state

নগাঁৱৰ জুৰীয়াত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ - Juriya

নগাঁৱৰ জুৰীয়াত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ কৃষকৰ নামত আবন্টিত ধন প্ৰদানৰ নামত লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে হিতাধিকাৰীয়ে ৷

Pradhanmantri Kisan Abhiyan scam at Nagaon
জুৰীয়াত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

By

Published : Apr 19, 2020, 8:19 PM IST

নগাঁও,19 এপ্ৰিলঃ নগাঁৱৰ জুৰীয়াত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ কৃষকৰ নামত আবন্টিত ধন প্ৰদানৰ নামত লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে হিতাধিকাৰীয়ে ৷ উল্লেখ্যে যে,নগাঁও জিলা কৃষি বিভাগৰ একাংশ বিষয়াৰ সৈতে একলগ হৈ একাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ স্বত্বাধিকাৰীয়ে তালিকা প্ৰস্তুত কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ভুৱা কৃষকৰ নাম ৷

হিতাধিকাৰীৰ নামৰ তালিকা

আনহাতে,আন একাংশ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি তালিকাত কৃষকৰ নাম ঠিকেই অন্তৰ্ভুক্ত হৈছে কিন্তু কিন্তু কৃষকৰ অজ্ঞাতে অন্য লোকে লাভ কৰিছে প্ৰাপ্য ধন ৷ ইয়াৰ উপৰিও একাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ স্বত্বাধিকাৰীয়েও ভুৱা একাউন্ট খুলি হিতাধিকাৰীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷ ইতিমধ্যে বঞ্চিত হিতাধিকাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত জুৰীয়া আৰক্ষী থানাত ১০৬/২০ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

জুৰীয়াত প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

লগতে পঢ়ক-গোসাইগাঁৱত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাত বিস্তৰ ক্ষতি

ABOUT THE AUTHOR

...view details