অসম

assam

By

Published : Jun 2, 2020, 1:00 PM IST

Updated : Jun 2, 2020, 4:54 PM IST

ETV Bharat / state

নগাঁও আৰু নলবাৰীত আতংকঃ ৰাজপথত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

ৰাজ্যৰ দুই পৃথক স্থানত পুনৰ উদ্ধাৰ ব্যৱহৃত পিপিই কিট । নগাঁৱৰ ৰাজপথত পৰি থকা পিপিই কিটক লৈ এতিয়া জিলাখনত সৃষ্টি হৈছে চাঞ্চল্য ৷ ব্যৱহৃত কিটতো কোনে এনেদৰে ৰাজপথত পেলালে সেয়া নিশ্চিত হোৱা নাই ৷ অনুৰূপধৰণে নলবাৰীৰ সমীপৰ ঘগ্ৰাপাৰৰ ৰাজপথতো উদ্ধাৰ হৈছে ব্যৱহৃত পিপিই কিট ৷

PPE kit found on road at nagaon and nalbari assam etv bharat news
পিপিই কিট উদ্ধাৰ

নগাঁও,2 জুন: ৰাজ্যত ক্ৰমান্বয়ে দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ কিন্তু ইয়াৰ পিছতো সচেতন হোৱা নাই একাংশ লোক ৷ এচামৰ কাণ্ডজ্ঞানহীনতাক উদঙাই মঙলবাৰৰ দিনটোত ৰাজ্যৰ দুই পৃথক স্থানত উদ্ধাৰ হৈছে ব্যৱহৃত পিপিই কিট ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নগাঁৱৰ ৰাজপথৰ দাঁতিত উদ্ধাৰ হৈছে ব্যৱহৃত পিপিই কিট ৷ জিলাখনৰ উৰিয়াগাঁও বাইপাছ চ’কত পথৰ দাঁতিত মঙলবাৰে পুৱা উদ্ধাৰ হয় এটা ব্যৱহৃত পিপিই কিট । স্থানীয় লোকে পথৰ দাঁতিত পৰি থকা কিটটো প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় কিছু আতংকময় পৰিৱেশ । পৰৱৰ্তী সময়ত স্থানীয় লোকে জ্বলাই দিয়ে কিটটো । কোনো দায়িত্বজ্ঞানহীন লোকে এনেদৰে ৰাজপথত পিপিই কিট পেলোৱা বিষয়টো সহজভাৱে লোৱা নাই অঞ্চলটোৰ ৰাইজে । অৱশ্যে কোনে এনেদৰে ৰাজপথৰ দাঁতিত কিটটো পেলাইছে সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই ।

পিপিই কিট উদ্ধাৰ

আনহাতে, নলবাৰীৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতো উদ্ধাৰ হৈছে পিপিই কিট ৷ জিলাখনৰ ঘগ্ৰাপাৰৰ বিলপাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অজ্ঞাত লোকে পেলাই যায় ব্যৱহৃত পিপিই কিট ৷ এই সন্দৰ্ভত স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় আতংকৰ ৷ ৰাজ্যত Covid 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এতিয়া এনেদৰে ব্যৱহৃত পিপিই কিট উদ্ধাৰ হোৱা প্ৰসংগটো একপ্ৰকাৰৰ চিন্তনীয় বিষয় হৈ পৰিছে ৷

ৰাইজৰ প্ৰতিক্ৰিয়া

লগতে চাওকঃনিৰ্বিকাৰ বন বিভাগঃ শোণিতপুৰত ব্যাপক হাৰত চলিছে বন ধ্বংস অভিযান

Last Updated : Jun 2, 2020, 4:54 PM IST

ABOUT THE AUTHOR

...view details