অসম

assam

ETV Bharat / state

বটদ্ৰৱাৰ ৰাইদঙীয়াত শক্তি বিভাগৰ মৰণফান্দ ! - শক্তি বিভাগ

বাঁহৰ খুঁটাৰে শক্তি বিভাগে যোগান ধৰিছে বিদ্যুৎ৷ ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা ৷

বটদ্ৰৱাৰ ৰাইদঙীয়াত শক্তি বিভাগৰ মৰণফান্দ !

By

Published : May 4, 2019, 6:49 PM IST

বটদ্ৰৱা, 04 মে':নগাঁও জিলাৰ ধিং বিদ্যুৎ উপ- সংমণ্ডলৰ অধীনস্থ ৰাইদঙীয়াৰ ভোগবাৰী গাঁৱত একাংশ বিষয়া কৰ্মচাৰীয়ে বাঁহৰ খুঁটাত বিদ্যুতৰ উচ্চ ক্ষমতা সম্পন্ন তাঁৰ টানি বিদ্যুতৰ যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াকে কেন্দ্ৰ কৰি এতিয়া জাঙুৰ খাই উঠিছে গঞা ৰাইজ ৷

বটদ্ৰৱাৰ ৰাইদঙীয়াত শক্তি বিভাগৰ মৰণফান্দ !

ৰাইজৰ অভিযোগ যে শক্তি বিভাগৰ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি বটদ্ৰৱা সমষ্টিৰ বৃহত্তৰ ৰাইদঙীয়াত পকী খুটাৰ পৰিৱৰ্তে বাঁহৰ খুটা ব্যাৱহাৰ কৰি অতি বিপদসংকুল ভাবে বৃহত্তৰ এলেকাটোত বিদ্যুৎ যোগান ধৰি আহিছে ৷ যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ভোগিছে গঞা ৰাইজ ৷ ইপিনে আইভেটি ফাগুনী খাটনীয়াৰ বালিকা প্ৰাৰ্থমিক বিদ্যালয়ৰ নিচেই কাষতে উন্মুক্ত অৱস্থাত থকা ট্ৰেন্সফ'ৰ্মাৰৰ বাবেই কণ-কণ ছাত্ৰ ছাত্ৰীক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক সকল ৷ ঘন জন বসতি পূৰ্ণ অঞ্চলটোত এনেদৰে উন্মুক্ত ট্ৰেন্সফাৰ্মৰ আৰু বাহৰ খুটাত বিদ্যুতৰ তাঁৰ সংযোগ কৰাৰ ফলত হ'ব পৰা ভয়ংকৰ বিপদৰ আশংকা কৰি অতি শীঘ্ৰে ইয়াৰ সমাধানৰ বাবে বিভাগীয় কতৃপক্ষক দাবী জনায় ৰাইদঙীয়াৰ সচেতন মহলে ৷

ABOUT THE AUTHOR

...view details