অসম

assam

ETV Bharat / state

কলিয়াবৰত শক্তি বিভাগৰ নিয়ন্ত্ৰণ আৰু বিতৰণ কেন্দ্ৰ মুকলি

অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এক নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ মুকলি ৷ কেন্দ্ৰটো উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ কলিয়াবৰত অনতি পলমে আন পাঁচটা উপ-কেন্দ্ৰ স্থাপন কৰাৰ কাম কাজ আৰম্ভ

কলিয়াবৰত শক্তি বিভাগৰ নিয়ন্ত্ৰণ আৰু বিতৰণ কেন্দ্ৰ মুকলি

By

Published : Jun 28, 2019, 6:20 PM IST

কলিয়াবৰ, 28 জুনঃ কলিয়াবৰ মহকুমাৰ নলতলিত স্থাপন কৰা অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এক নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ শুকুৰবাৰে উদ্বোধন কৰে কলিয়াবৰৰ বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই । দীনদয়াল উপাধ্যায় গ্ৰাম‍ জ্যোতি যোজনাৰ অন্তৰ্গত এই কেন্দ্ৰটোৱে কলিয়াবৰৰ বৃহৎ অঞ্চলটোত প্ৰয়োজনীয় বিদ্যুতৰ যোগান ধৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে । ২×৫ এম. ভি. এ. ৩৩/১১ কে.ভি.শক্তি সম্পন্ন এই উপ-কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল,মুখ্য মহা প্ৰৱন্ধক ধ্ৰুৱজ্যোতি হাজৰিকা, দিপাংকৰ নাথ,কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ,মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস তথা শক্তি বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।
মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত অনতি পলমে আন পাঁচটা উপ-কেন্দ্ৰ স্থাপন কৰাৰ লগতে জখলাবন্ধাৰ গৰুবন্ধাৰ শক্তি নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটো পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰ ৰূপে গঢ় দিয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে ।

কলিয়াবৰত শক্তি বিভাগৰ নিয়ন্ত্ৰণ আৰু বিতৰণ কেন্দ্ৰ মুকলি

ABOUT THE AUTHOR

...view details