অসম

assam

ETV Bharat / state

কলিয়াবৰত ভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত খেতিপথাৰ নষ্ট - 'অইল' কৰ্তৃপক্ষ

পথাৰো আমাৰ, বজাৰো আমাৰ' এই শ্ল'গানৰে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ কৃষকসকল স্বাৱলম্বী কৰিবৰ বাবে ৰাজ্য চৰকাৰে উন্নত জাতৰ আলুৰ বীজ প্ৰদান কৰিছিল কৃষক সকলক । কিন্তু ভাৰতীয় তেল নিগম চমুকৈ 'অইল' কৰ্তৃপক্ষৰ কোপদৃষ্টি পৰিল কলিয়াবৰৰ বৰালীগাঁৱৰ এই কৃষকসকলৰ ওপৰত ।

কলিয়াবৰত ভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত খেতিপথাৰ নষ্ট
কলিয়াবৰত ভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত খেতিপথাৰ নষ্ট

By

Published : Feb 10, 2021, 12:47 PM IST

কলিয়াবৰ,10 ফ্ৰেব্ৰুৱাৰীঃভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত বিঘাই-বিঘাই আলু খেতি নষ্ট হ'ল কলিয়াবৰৰ বৰালী গাঁৱৰ পথাৰত ৷ পথাৰো আমাৰ, বজাৰো আমাৰ' এই শ্ল'গানৰে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ কৃষকসকল স্বাৱলম্বী কৰিবৰ বাবে ৰাজ্য চৰকাৰে উন্নত জাতৰ আলুৰ বীজ প্ৰদান কৰিছিল কৃষক সকলক। কিন্তু ভাৰতীয় তেল নিগম চমুকৈ 'অইল' কৰ্তৃপক্ষৰ কোপদৃষ্টি পৰিল কলিয়াবৰৰ বৰালীগাঁৱৰ এই কৃষকসকলৰ ওপৰত ।

কলিয়াবৰত ভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত খেতিপথাৰ নষ্ট

উল্লেখযোগ্য যে, অইল পাইপলাইন খননৰ নামত কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ আলু খেতিৰ ওপৰতে জধে-মধে চলালে খনন। যাৰ ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে কলিয়াবৰৰ বৰালীগাঁৱৰ কৃষক ৰাইজে ।

কলিয়াবৰত ভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত খেতিপথাৰ নষ্ট

সম্প্ৰতি অইলৰ এই খননৰ ফলত ক্ষতিগ্ৰস্ত হোৱা খেতিৰ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে স্থানীয় খেতিয়কসকলে ।

কলিয়াবৰত ভাৰতীয় তেল নিগমৰ পাইপ লাইন খননৰ নামত খেতিপথাৰ নষ্ট
অধিক খবৰৰ বাবে পঢ়কঃগহপুৰৰ বিধায়ক উৎপল বৰা ৰিপৰ্ট কাৰ্ড বেয়াঃ বিজেপি নেতা নাৰায়ণ দিহিঙিয়া

ABOUT THE AUTHOR

...view details