অসম

assam

ETV Bharat / state

Pottery Artists of Raha: দ্বীপান্বিতাত পোহৰাবলৈ সাজু ৰহাৰ মৃৎ শিল্পী - Poor condition of Pottery artist in Raha

দীপাৱলীক লৈ ৰহাৰ মৃৎ (Poor condition of Pottery artist in Raha) শিল্পীসকলৰ মাজত বৃদ্ধি পাইছে ব্যস্ততা । দীপাৱলীত পোহৰেৰে ৰাজ্য উজলাই তোলাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰহাৰ মৃৎ শিল্পীসকলো ব্যস্ত হৈছে । থলুৱা শিল্পীসকলে দিনে-নিশাই বৰ্তমান হাজাৰ-হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে । দীপাৱলীত চীনা সামগ্ৰী, লাইট আদিক প্ৰত্যাহ্বান জনাবলৈ থলুৱা শিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰি বজাৰ বিক্ৰীৰ বাবে সাজু কৰিছে ৷

pottery artists of Raha
দ্বীপান্বিতাত পোহৰাবলৈ সাজু ৰহাৰ মৃৎ শিল্পী

By

Published : Oct 22, 2022, 1:00 PM IST

ৰহা, ২২ অক্টোবৰ: দীপাৱলীৰ সময়ত বজাৰৰ জাকজকমীয়া লাইটেৰে বাসগৃহ সজাই তুলিলেও মাটি চাকিৰ অবিহনে যেন সকলো আধৰুৱা । সেয়ে এতিয়াও সমাদৰ লাভ কৰে মাটিৰ চাকিয়ে । বিগত বৰ্ষত মহামাৰী, লকডাউনৰ বাবে ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ পিছত এতিয়া পুনৰ মনত আশা লৈ ন-উদ্যমেৰে মাটিৰ চাকি প্ৰস্তুত কৰিছে মৃৎ শিল্পীসকলে । ব্যতিক্ৰম নহয় ৰহাৰ ডালিমবাৰী মৃৎ শিল্পীসকল (Pottery in Dalimbari of Raha)।

দ্বীপান্বিতাত পোহৰাবলৈ সাজু ৰহাৰ মৃৎ শিল্পী

দ্বীপান্বিতাত পোহৰাবলৈ ব্যস্ত ৰহাৰ মৃৎ শিল্পীসকল (pottery artists of Raha busy lighting up)। পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ দুদিন । ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে মৃৎ শিল্পীসকলৰ । ৰহাৰ ডালিমবাৰী সেন্দুৰীয়াতো দিনে ৰাতিয়ে মাটিৰ চাকি বনোৱাত ব্যস্ত মৃৎশিল্পীসকল ।

একমাত্ৰ মৃৎ শিল্পৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি অহা সেন্দুৰীয়াৰ দহটাকৈ পৰিয়ালে দিন ৰাতি একাকাৰ কৰি তৈয়াৰ কৰিছে হাজাৰ হাজাৰ মাটিৰ চাকি। পূৰ্ব পুৰুষৰ পৰা কৰি অহা এই পৰম্পৰা হেৰাই যাব দিয়া নাই সেন্দুৰীয়াৰ দহটা পৰিয়ালে । মৃৎ শিল্পই তেওঁলোকৰ জীৱিকাৰ সম্বল । মাহে দহ পোন্ধৰ হাজাৰ উপাৰ্জনৰে নিয়াৰিকৈ চলি যায় পৰিয়ালসমূহ ।

এইবাৰ দীপাৱলীৰ বাবে প্ৰতিটো পৰিয়ালে ২০ৰ পৰা ৭০ হাজাৰ পৰ্যন্ত মাটিৰ চাকি তৈয়াৰ কৰিছে (Diwali in Assam)। এই মাটিৰ চাকিবোৰ বিক্ৰী কৰে নগাঁও,মৰিগাঁও জিলাৰ বিভিন্ন বজাৰ আৰু দোকানত । উল্লেখ্য় যে মৃৎ শিল্পত চৰকাৰে অনুদান নিদিলেও পৰম্পৰাগত ভাৱে এই শিল্পটোক জীয়াই ৰাখিছে সেন্দুৰীয়াৰ এই দহটা পৰিয়ালে । সেয়ে এতিয়া দীপাৱলীৰ সময়ত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পৰ পুৰুষ-মহিলা সকলো ।

দীপাৱলীৰ আকাশ পোহৰাই তোলা এই মৃৎ শিল্পীসকলৰ পিছে নিজৰ পৰিয়ালবোৰ যেন এন্ধাৰতহে থাকে ৷ কোনোমতে পৰিয়াল পোহপাল দি থকা এই মৃৎ শিল্পীসকললৈ নাই কোনো চৰকাৰী সাহায্য ৷ শিল্পটো জীয়াই ৰাখিবলৈ মৃৎ শিল্পীসকলে কেঁচামাল হিচাপে ব্যৱহাৰ কৰা মাটিখিনি চৰকাৰে বিনামূলীয়াভাৱে সংগ্ৰহৰ অনুমতি দিলে নিশ্চয়কৈ মৃৎ শিল্পীসকল উপকৃত হ'ব ৷ তাৰ বাবে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এই মৃৎ শিল্পীসকলে ৷

লগতে পঢ়ক:Assam workers tortured in Arunachal Pradesh: নিৰ্যা তনৰ ৰ্যা বলি হৈ অৰুণাচলৰ পৰা পলাই আহি মৰাণত উপস্থিত 14 শ্ৰমিক

ABOUT THE AUTHOR

...view details