কলিয়াবৰ, ২ এপ্ৰিল:নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত 'অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প' (এপার্ট)ৰ কলিয়াবৰৰ কৃষি ভূমিত উন্নত প্ৰজাতিৰ আলু খেতিৰে কৃষিখণ্ডত সাফল্য় অৰ্জন কৰিছে । উল্লেখ্য় যে নগাঁও জিলা কৃষি বিভাগৰ অধীনত তথা এপাৰ্ট আচঁনিৰ উদ্যোগত আৰু কলিয়াবৰ কৃষি চক্ৰৰ সহযোগত কেইবা হেক্টৰ কৃষিভূমিত প্ৰথমবাৰলৈ উন্নত লেডী ৰোজেটা প্ৰজাতিৰ আলু খেতি কৰা হৈছিল (APART)। বহিঃৰাজ্যৰ সিদ্ধিবিনায়ক এগ্ৰ'ফাৰ্ম নামৰ এটা প্ৰতিষ্ঠানে কলিয়াবৰৰ জখলাবন্ধাৰ কেৰিবাকৰি আৰু নলতলিৰ পৰা লেডী ৰোজেটা প্ৰজাতিৰ তিনিশ কুইণ্টল আলু স্থানীয় খেতিয়কৰ পৰা ক্ৰয় কৰে ।
এই প্ৰজাতিৰ আলুৰ পৰাই দুটা খাদ্য প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে এই আলুৰ পৰা মুখৰুচক চিপছ, আলু ভূজিয়া আদি প্ৰস্তুত কৰে (Pottato Cultivation at Kaliabor)। জখলাবন্ধাৰ কেৰিবাকৰিত আত্মসহায়ক গোটৰ জৰিয়তে এপাৰ্ট আঁচনিৰ অধীনত মথুৰা চাহু নামৰ আদৰ্শ কৃষকগৰাকীয়ে ৪ বিঘা কৃষি ভূমিত লেডী ৰোজেটা আলু খেতি কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে । সিদ্ধি বিনায়ক এগ্ৰ’ফাৰ্ম নামৰ এটি প্ৰতিষ্ঠানে কলিয়াবৰ কেৰিবাকৰিৰ মথুৰা চাহু নামৰ কৃষকজনৰ পৰা ১৪৫ কুইন্টেল আলু বহিঃৰাজ্যত বিক্ৰীৰ বাবে ক্ৰয় কৰে ।