অসম

assam

By

Published : Dec 3, 2020, 12:10 PM IST

ETV Bharat / state

ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ সম্ভাৱনা !

নগাঁৱৰ ঢাকাইপট্টিত বুধবাৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা কাৰ্যালয় মুকলি কৰি অসম জাতীয় পৰিষদে ৰাইজৰ দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক উদীপ্ত ৰাজাই ৷ বিজেপি, কংগ্ৰেছৰ লগতে সাম্প্ৰদায়িক দলক প্ৰতিহত কৰাৰ স্বাৰ্থত এই সম্ভাৱনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে ৷

possibility of the alliance between raijar dol and asom jatiya parishad
জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক উদীপ্ত ৰাজাৰ মন্তব্য

নগাঁও,3 ডিচেম্বৰ : প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীত্ব দিবলৈ সাজু হৈছে নৱ গঠিত দল অসম জাতীয় পৰিষদ । ৰাইজৰ দলৰ সৈতে মিত্ৰজোঁট গঠনৰ সম্ভাৱনা আছে জাতীয় পৰিষদৰ ৷ অসমত অগপৰ কোনো অস্তিত্ব বুলি দাবী কৰে অসম জাতীয় পৰিষদে ।

বুধবাৰে নগাঁৱৰ ঢাকাইপট্টিত অসম জাতীয় পৰিষদৰ নগাঁও জিলা কাৰ্যালয় মুকলি কৰাৰ পাচত অনুষ্ঠিত হোৱা সভাত এই মন্তব্য কৰে জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক উদীপ্ত ৰাজাই ৷ সভাত আঞ্চলিক দলটোৰ নগাঁও জিলাৰ প্ৰতিটো সমষ্টিত সমিতিৰ লগতে আঞ্চলিক সমিতি গঠন কৰি দলটোৰ ভেটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে ।

জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক উদীপ্ত ৰাজাৰ মন্তব্য

আনহাতে, দলটোৰ ৰাজ্যিক আহ্বায়ক ৰাণা বৰদলৈ, জিলা মুখ্য সমন্বয়ক দেৱ কুমাৰ বৰাসহ কেইবাজনো নেতা উপস্থিত থাকি দলীয় কর্মীৰে আলোচনা কৰে । সমাগত বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় দল বিজেপি, কংগ্ৰেছৰ লগতে সাম্প্ৰদায়িক দলক প্ৰতিহত কৰাৰ স্বাৰ্থত আঞ্চলিক দলে ৰাইজৰ দলৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমযোগে মন্তব্য আগবঢ়ায় জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়কগৰাকীয়ে ৷

লগতে পঢ়ক :আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে

ABOUT THE AUTHOR

...view details