বঢ়মপুৰ, 20ফেব্ৰুৱাৰী: নিৰ্বাচনৰ পূৰ্বেই আহিব ‘ৰাজনীতি’ ৷ ৰাজনীতিক লৈ ব্যস্ত কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ শনিবাৰে পুৱাৰ পৰাই ৰাজনীতিৰ কামত কামপুৰৰ আলি-গলিয়ে দেখা গৈছে জনপ্ৰিয় কণ্ঠ শিল্পী গৰাকীক ৷ পুৱাৰ পৰাই ব্যস্ততাৰ অন্ত নাই কণ্ঠ শিল্পী গৰাকীৰ ৷ কিন্তু বৰ্তমান চৰ্চালৈ অহা এয়া কি ৰাজনীতি ?
প্ৰকৃততে ৰাজনীতি হৈছে এখন নতুন অসমীয়া চিনেমা ৷ এই ৰাজনীতি শীৰ্ষক চিনেমা খনক লৈ ব্যস্ত হৈ পৰিছে কণ্ঠ শিল্পী জুবিন গাৰ্গ ৷ এগৰাকী সাংবাদিকৰ ৰূপত দেখিবলৈ পোৱা যাব শিল্পী গৰাকীক ৷ যাৰ বাবে এই অসমীয়া ছবি খনৰ চ্যুটিঙৰ বাবে কামপুৰত দেখা গৈছে কণ্ঠশিল্পী জুবিন গাৰ্গক ৷ কামপুৰৰ কপিলী নদীৰ ঠাণ্ডা পানীত সাঁতুৰি অভিভূত হৈ পৰিছে এই গৰাকী জনপ্ৰিয় শিল্পী ৷