অসম

assam

ETV Bharat / state

৭৩ বছৰ পাছতো উন্নয়ণৰ মুখ নেদেখিলে ধিঙৰ দুখন গাঁৱে

যাৰ ফলত নাৱৰ পৰা পৰি তিতি বুৰি দেৰিকৈ উপস্থিত হ’বলগীয়া হয় কণকণ ছাত্ৰ ছাত্ৰী । কেতিয়াবা আকৌ নাৱৰ অভাৱত আদবাটৰ পৰাই ওভতে ছাত্ৰ ছাত্ৰী । দুৰ্ভাগ্যজনক ভাৱে কিছুদিন পূৰ্বে পানীত পৰি শিশুৰ মৃত্যু পৰ্যন্ত হোৱাৰ পাছতো কোনো কাণসাৰ নাই জন প্ৰতিনিধিৰ

৭৩ বছৰ পাছতো উন্নয়ণৰ মুখ নেদেখিলে ধিঙৰ দুখন গাঁৱে

By

Published : Aug 29, 2019, 7:25 AM IST

নগাঁও, 28 আগষ্টঃ স্বাধীনতাৰ ৭৩ বছৰ পাছতো উন্নয়ণৰ মুখ নেদেখা ধিং সমষ্টিৰ সমষ্টিৰ দুখন গাঁও । চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে সেই সময়ত ধিং সমষ্টিত দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি। ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ নিজ বাসগৃহৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগতে থকা দুখন গাঁৱৰ মাজৰ যোগাযোগৰ সম্বল এখন টুলুঙা নাও। গৰৈমাৰী পাম আৰু সোনাইবেৰা পাম নামৰ গাঁও দুখনে উদঙাইছে উন্নয়নৰ নমুনা। বছৰ বছৰ ধৰি অঞ্চলটোৰ কণকণ ছাত্ৰ-ছাত্ৰী সকলে বিপদসংকুল ভাৱে নাৱেৰে পাৰ হৈ যাব লগা হয় বিদ্যালয়লৈ। যাৰ ফলত নাৱৰ পৰা পৰি তিতি বুৰি দেৰিকৈ উপস্থিত হ’বলগীয়া হয় কণকণ ছাত্ৰ ছাত্ৰী । কেতিয়াবা আকৌ নাৱৰ অভাৱত আদবাটতৰ পৰাই ওভতে ছাত্ৰ ছাত্ৰী। দুৰ্ভাগ্যজনক ভাৱে কিছুদিন পূৰ্বে পানীত পৰি শিশুৰ মৃত্যু পৰ্যন্ত হোৱাৰ পাছতো কোনো কাণসাৰ নাই জন প্ৰতিনিধিৰ। প্ৰতিটো নিৰ্বাচনৰ আগে আগে বিধায়ক আমিনুল ইছলাম আৰু সাংসদ গৌৰৱ গগৈয়ে দলং নিৰ্মাণ কৰি ৰাইজৰ সমস্যাৰ সমাধানৰ আশ্বাস প্ৰদান কৰে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাছত পিঠি দিয়ে পিছপৰা অঞ্চলটোৰ ৰাইজৰ এই জলন্ত সমস্যাক ।

৭৩ বছৰ পাছতো উন্নয়ণৰ মুখ নেদেখিলে ধিঙৰ দুখন গাঁৱে

ABOUT THE AUTHOR

...view details