অসম

assam

ETV Bharat / state

কলিয়াবৰত চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ ছাত্ৰ দৰিদ্ৰ শ্বাকিলৰ সফলতা - sakhil ahmed

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলিয়াবৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান শ্বাকিল আহমেদৰ সফলতাত আনন্দিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

কলিয়াবৰত চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ ছাত্ৰ দৰিদ্ৰ শ্বাকিলৰ সফলতা
কলিয়াবৰত চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ ছাত্ৰ দৰিদ্ৰ শ্বাকিলৰ সফলতা

By

Published : Jun 6, 2020, 8:31 PM IST

কলিয়াবৰ ,৬ জুনঃ সুগন্ধি ফুল য'তেই নাথাক,তাৰ সুগন্ধি বিয়পিবই। অতি দৰিদ্ৰ পৰিৱেশতেই নিজ প্ৰতিভা আৰু একাগ্ৰতাৰ যোগেদি লাভ কৰা সফলতাই সুগন্ধি বিলাইছে কলিয়াবৰৰ জখলাবন্ধাৰ নাতি দুৰত্বৰ চাকণী বৰহোলাত। দৰিদ্ৰতাত ককবকাই থকা কলিয়াবৰৰ চিকণী-বৰহোলাৰ এইজন ছাত্ৰই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল সুখ্যাতিৰে। নিজ মাটি-ভেটিহীন পিতৃ-মাতৃৰ সন্তান শ্বাকিল আহমেদ চৰকাৰী খণ্ডৰ চিকণী-বৰহোলা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৮৬.৩ শতাংশ নম্বৰেৰে ডিষ্টিংচন লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । ইংৰাজীত -৮৪, অসমীয়াত-৯২,সাধাৰণ গণিতত-৮৮,সাধাৰণ বিজ্ঞানত-৮১,সমাজ বিজ্ঞানত-৮০ আৰু ঐচ্ছিক হিন্দী বিষয়ত-৮৬ নম্বৰৰে মুঠ ৫১৮ নম্বৰ লাভ কৰিছে। বৰ্তমান শিক্ষা ব‍্যৱস্থা আৰু আন বহু ছাত্ৰ-ছাত্ৰীৰ বাবে ৮৬.৩ % নম্বৰ গুৰুত্বহীন হ'লেও দৰিদ্ৰ পৰিয়ালটিৰ লগতে চুবুৰীয়াক আনন্দিত কৰিছে শ্বাকিলৰ এই সফলতাই। দৰিদ্ৰ ছাত্ৰজনে ভৱিষ‍্যতে ইয়াতকৈও অধিক সফল হৈ পিতৃ-মাতৃৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনক।

কলিয়াবৰত চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ ছাত্ৰ দৰিদ্ৰ শ্বাকিলৰ সফলতা
ইপিনে জখলাবন্ধা বাণিজ‍্যিক কেন্দ্ৰৰ প্ৰায় লগতে লাগি থকা আগতীয়া বাৰিষাৰ পানীয়ে যাতায়তৰ সমস‍্যাৰ সৃষ্টি কৰা এখন গাঁৱৰ বাসিন্দা শ্বাকিলৰ পিতৃয়ে কবিৰাজী কৰি পোহপাল দিয়ে পৰিয়ালটো,আনহাতে মাতৃ মানসিকভাৱে অসুস্থ। তাৰ মাজতেই অতি সীমিত সা-সুবিধাৰ মাজতেই শ্বাকিলে দেখুৱাইছে একাগ্ৰতাৰ অনন‍্য উদাহৰণ।আনহাতে,আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয়ে আধিপত‍্য বিস্তাৰ কৰে। কলিয়াবৰৰ অসমীয়া মাধ‍্যমৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয় ক্ৰমে শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়,কুঁৱৰীটোল আৰু শংকৰদেৱ শিশু নিকেতন,কলিয়াবৰ তিনিআলিয়ে ১০০% সফলতা লাভ কৰে । ইংৰাজী মাধ‍্যমৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয় চেণ্ট ৰৱাৰ্টচ হাইস্কুল,জখলাবন্ধা আৰু আয়ুস পাব্লিক স্কুল,জখলাবন্ধাৰে উত্তীৰ্ণৰ হাৰ ১০০%। তাৰ বিপৰীতে চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয় মধ‍্য কলিয়াবৰ উচ্চ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে ১০০% ফলাফলৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। লগতে পঢকঃ নৱম স্থানত জিলিকিল মহানগৰীৰ হেপি চাইল্ড হাইস্কুলৰ নিৰজ খেতান

ABOUT THE AUTHOR

...view details