ৰহা, 9 জুন :দাৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে ৷ তাকেই প্ৰমাণ কৰি দেখুৱালে ৰহাৰ এগৰাকী ছাত্ৰই (Poor student achievement)৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰেৰে উজলিল ৰহাৰ ঔম প্ৰকাশ বনিয়া নামৰ এজন ছাত্ৰ (Student passed in HSLC Exam) । পিতৃ নৃপেন বনিয়া পেচাত এজন অট'চালক । দিনৰ দিনটো অট' চলাই যাত্ৰী কঢ়িয়াই উপাৰ্জন কৰা ধনেৰে কোনোমতে ঘৰ চলোৱা পিতৃ নৃপেন বনিয়াই পুত্ৰ ঔম প্ৰকাশ বনিয়াক সঠিক সময়ত দিব পৰা নাছিল পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা ।
টিউচনৰ জৰিয়তে কেইদিনমানৰ বাবে এজন শিক্ষকৰ ওচৰত ইংৰাজী বিষয়ত ছাত্ৰজনে শিক্ষাগ্ৰহণ কৰিছিল । কেৱল শিক্ষাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল ছাত্ৰজনে ৷ এনে কষ্টৰ ফলত ঔম প্ৰকাশে ৫৬৮ নম্বৰ লাভ কৰি সমগ্ৰ ৰহাতে নাম উজ্বলাবলৈ সক্ষম হয় ।