অসম

assam

ETV Bharat / state

Dilapidated road at Raha : ৰহাৰ বিধায়ক শশীকান্তৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - বৃহৎ বৃহৎ গাঁতৰ

এটি পথে জলা-কলা খুৱাইছে ৰহা বিধানসভা সমষ্টিৰ ৰাইজক (Dilapidated road in Nagaon)৷ পথটোৰ অৱস্থাই অশনি শংকেত কঢ়িয়াই আনিছে ৰাইজলৈ ৷ সেয়েহে এইবাৰ বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজৰে ।

Poor road communication in Raha
পথৰ অৱস্থা অতি শোচনীয়

By

Published : Apr 25, 2023, 1:06 PM IST

গুৰুত্বপূৰ্ণ পথৰ অৱস্থা অতি শোচনীয়

ৰহা, 25 এপ্রিল : ৰাজ্য চৰকাৰে বাট-পথৰ উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজালেও এতিয়াও ৰাজ্যৰ বহুতো গুৰুত্বপূৰ্ণ পথৰ অৱস্থা অতি শোচনীয় হৈ আছে । ফলত বিধ্বস্ত পথেৰেই ৰাইজে যাতায়াত কৰিবলগীয়া হোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । ৰাইজৰ অভিযোগ, ‘‘চৰকাৰৰ উন্নয়ন কেৱল কাগজে-কলমে অথবা জনপ্ৰতিনিধিৰ ভাষণতহে সীমাবদ্ধ আছে ৷ বাস্তৱত উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিয়ে ৰাজ্যৰ গাঁও-ভূঁই, ভিতৰুৱা অঞ্চলৰ বিধ্বস্ত বাট-পথৰ অৱস্থাই (Dilapidated road in Assam)’’ । নগাঁও জিলাৰ ৰহাৰ হাটবৰ গাঁও পঞ্চায়তৰ এটা পথে জীয়াতু ভোগাইছে অঞ্চলটোৰ পাঁচ-ছখন গাঁৱৰ সহস্ৰাধিক জনসাধাৰণক ।

হাটবৰ গাঁও পঞ্চায়তত পথৰ ওপৰতেই সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত (Poor road communication at Raha)। কপিলী নদীৰ মথাউৰি তথা অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ মাধ্যম এই পথটোৰ দুৰৱস্থাই এতিয়া জলা-কলা খুৱাইছে ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ীকে ধৰি অঞ্চলবাসীক । ফলত ‘‘এয়াই পৰিৱৰ্তন নেকি ?’’ বুলি চৰকাৰক সমালোচনা কৰে অঞ্চলটোৰ ৰাইজে ।

ৰহাৰ ধোৱাদলনি, পূৱ বোলা, পশ্চিম বোলা আদি অঞ্চললৈ যাবলৈ এই পথটোৰ বাহিৰে কোনো বিকল্প পথ নাই । ফলত অঞ্চলটোৰ একমাত্ৰ পথটোত এতিয়া সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ । এজাক বৰষুণতে পথৰ ওপৰত হয় একাঠু পানী আৰু বোকা । স্তব্ধ হৈ পৰে অঞ্চলটোৰ জনজীৱন । আনকি ৰোগীক আনিবলৈ যাব নোৱাৰে 108 সেৱাৰ বাহনো । এই বোকাময় আৰু জৰাজীৰ্ণ পথটোৰ ওপৰত ইতিমধ্যে সংঘটিত হৈছে বহু কেইটা দুৰ্ঘটনাও । বিপদসংকুলভাৱে অঞ্চলটোৰ ৰাইজে কৰি আছে যাতায়াত ।

ভৰ বাৰিষা নৌহওতেই এজাক বৰষুণতে পথটোৰ এনে দুৰৱস্থা হোৱাত ক্ষোভিত হৈ পৰিচে অঞ্চলটোৰ ৰাইজ । এই পথটো অচিৰেই মেৰামতি তথা নিৰ্মাণ নকৰিলে আগন্তুক বাৰিষা বতৰত পথটোৰে যাতায়াত যে স্তব্ধ হৈ পৰিব সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে । সেয়ে উপায়ন্তৰ হৈ পৰিৱৰ্তনৰ শ্ল'গান দিয়া বিজেপি চৰকাৰক সমালোচনা কৰিছে ক্ষুব্ধ ৰাইজে ।

স্থানীয় বিধায়ক শশীকান্ত দাসক বাহ সাজিব নজনা কুলি চৰাই বুলি অবিহিত কৰি এই ক্ষেত্ৰত বিধায়কগৰাকীৰ নিৰ্লিপ্ত ভূমিকাকো সমালোচনা কৰিছে অঞ্চলবাসীয়ে (Public reaction against Raha MLA) । শীঘ্ৰে এই পথটো নিৰ্মাণ নকৰিলে আগন্তুক নিৰ্বাচনত অঞ্চলটোৰ পৰা বিজেপিক বিদায় দিব বুলিও হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :Panchayati Raj Day 2023 : অৰুণাচলৰ ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসত অংশগ্ৰহণ কৰে পেমা খাণ্ডুৱে

ABOUT THE AUTHOR

...view details