কলিয়াবৰ, 10 জুলাই : দেশত মহামাৰী ক’ৰণা (COVID) ৰ দ্বিতীয় লহৰে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে ক’ভিডৰ তৃতীয় লহৰ অহাৰ সম্ভাৱনাই আতংকিত কৰিছে সাধাৰণ জনতাক ৷ সম্প্ৰতি ক’ৰণাৰ তৃতীয় লহৰত শিশু (CHILD) আক্ৰান্ত হোৱাৰ খবৰে দেশ তথা ৰাজ্যবাসীক শংকিত কৰি তুলিছে ৷ সেই সময়তে কলিয়াবৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বজ্ঞানহীন কাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক ।
কলিয়াবৰৰ কুঠৰীৰ বাঘমাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে আজৱ কাণ্ড । স্কুলীয়া কণ-কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ ল’ৰা-ধেমালি বাঘমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ । উল্লেখযোগ্য যে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিবলৈ অনা পোক থকা চাউল বাৰান্দাৰ মজিয়াত এজন লোকে ভৰিৰে মেলা দেখা যায় । প্ৰধান শিক্ষকৰ সন্মুখতে এই ঘটনা সংঘটিত হোৱাৰ পাছতো ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
ইফালে বিতৰণ কৰিবলৈ অনা চাউলত পোক থকা উপৰিও একপ্ৰকাৰ খাদ্যৰ বাবে অনুপযোগী হোৱা দেখা গৈছে । তাকে বিতৰণ কৰিবলৈ যো-জা চলাইছে প্ৰধান শিক্ষক গৰাকীয়ে । এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে সাংবাদিকৰ কেমেৰাত ।