নগাঁও, 25 ছেপ্তেম্বৰ :প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গৃহ সমষ্টিৰ এটা অসহায় পৰিয়ালৰ কৰুণ বাস্তৱ কাহিনী । বিগত ছমাহ ধৰি এসাঁজ খাই এসাঁজ লঘোণে অতিবাহিত কৰিছে দিন । পৰিয়ালটোৰ একমাত্ৰ উপার্জনকাৰী এক অচিন ৰোগত আক্ৰান্ত হোৱাৰ পিচৰ পৰাই পৰিয়ালটোত বন্ধ হৈ আছে উপাৰ্জনৰ পথ । আনকি,অৰ্থৰ অভাৱত পৰিয়ালটোৱে ৰোগী গৰাকীৰ চিকিৎসা কৰিব পৰা নাই ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ এটা পৰিয়ালৰ কৰুণ কাহিনী ! নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ মহখুলিৰ পৰিয়ালটোৰ গৰাকী এমৰাজুল হক নামৰ লোকজনে দিন-হাজিৰা কৰি তিনিজন সন্তানৰ সৈতে পৰিয়ালটোক পোহপাল দি আহিছিল ৷ কিন্তু হঠাৎ এমৰাজুল হক অচিন ৰোগত আক্ৰান্ত হোৱাৰ পিচত বৰ্তমান চকু পানীৰে বাট নেদেখা হৈছে পৰিয়ালটোৰ ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ এটা পৰিয়ালৰ কৰুণ কাহিনী ! সামান্য চিকিৎসা গ্ৰহণ কৰিয়ে এতিয়া অৰ্থৰ অভাৱত কৰিব পৰা নাই সম্পূৰ্ণ চিকিৎসা । এফালে চিকিৎসাৰ বাবে প্ৰয়োজন ধনৰ আৰু আনফালে পেটৰ তাড়নাত চটফটাই থাকিব লগা হৈছে পৰিয়ালটিয়ে ।
ইফালে,পৰিয়ালটিৰ এই দুৰ্দশাৰ কথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক অৱগত কৰা হৈছিল যদিও তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷ যাৰবাবে উপায়বিহীন হৈ পৰিয়ালটিয়ে অসমবাসী ৰাইজৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে ৷
লগতে পঢ়ক :তিনিচুকীয়াত আই পি এলক কেন্দ্ৰ কৰি ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ