কলিয়াবৰ, 8 মে' : লক্ ডাইনৰ বাবে খাদ্য সংকটত ভোগা দৰিদ্ৰ পৰিয়াললৈ সাহায্য প্ৰদান বেচৰকাৰী সংস্থা অ'পেন ড'ৰৰ ৷ লক্ ডাউনৰ বাবে আৰ্থিক সংকটত ভুগি কলিয়াবৰৰ ডিজুভেলী চাহ বাগিচাৰ একাংশ শ্ৰমজীৱি লোকে বনৰীয়া আলু-কচুঁ খাই ভোক নিবাৰণ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে সহায়ৰ হাত আগবঢ়াইছে বেচৰকাৰী সংস্থাটোৱে ৷
নগাঁও, কাৰ্বি-আংলং সীমান্তৱৰ্তী পাহাৰৰ নামনিৰ প্ৰান্তীয় অঞ্চলত অৱস্থিত ডিজুভেলী চাহ বাগিচাৰ 23 নং খণ্ডৰ অৰ্ধ-শতাধিক শ্ৰমজীৱি পৰিয়ালৰ মাজত শুকুৰবাৰে খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে । বেচৰকাৰী সংস্থাটোৰ এই কাৰ্যত সহায় আগবঢ়াই কলিয়াবৰ মহকুমা প্ৰশাসনেও ৷