অসম

assam

By

Published : Jun 8, 2019, 7:24 PM IST

ETV Bharat / state

ছাত্ৰী-ছাত্ৰীৰ পৰিৱৰ্তে বিদ্যালয় কোঠাত কুকুৰা !

নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত ৰামপুৰ সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত নাই এজনো ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰী । ১৯৮৯ চনতে স্থাপিত হোৱা বিদ্যালয়ত কাগজে কলমে শিক্ষক-শিক্ষয়ত্ৰী ,ছাত্ৰ-ছাত্ৰী সকলো আছে যদিও বিদ্যালয়ৰ উপস্থিত নাথাকে শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী

গোহালিত পৰিণত বটদ্ৰৱাৰ প্ৰাথমিক বিদ্যালয়

নগাঁও, 8 জুন: বটদ্ৰৱা প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা ৷ ভঙা টিনৰ চালিৰ তলত ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰীৰ পৰিবৰ্তে আছে গৰু গোৱৰ আৰু কুকুৰা । কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি শিক্ষক-শিক্ষয়ত্ৰীৰ ৷ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত এখন আজব বিদ্যালয় । বিদ্যালয়ত নাই ছাত্ৰ ছাত্ৰী, নাই শিক্ষক-শিক্ষয়ত্ৰী ৷ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তর্গত ৰামপুৰ সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত নাই এজনো ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰী । ১৯৮৯ চনতে স্থাপিত হোৱা বিদ্যালয়ত কাগজে কলমে শিক্ষক-শিক্ষয়ত্ৰী ,ছাত্ৰ-ছাত্ৰী সকলো আছে যদিও বিদ্যালয়ৰ উপস্থিত নাথাকে শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী । যাৰ ফলত কুকুৰা আৰু গৰুৰ গোহালিলৈ পৰিণত হৈছে বিদ্যালয় খন । ইফালে ৰাজ্য চৰকাৰে কণ কণ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে যদিও আন্তঃগাঁথনিকে আদি কৰি শিক্ষকৰ অভাৱত শৈক্ষিক পৰিবেশ বিনষ্ট হৈ চৰম অৰাজকতা বিৰাজ কৰিছে ৰামপুৰ সত্ৰ প্ৰাথমিক বিদ্যালয়খনত ৷ বাহঁৰ খুটা ভঙা তৰ্জাৰ বেৰ আৰু দৰ্জা খিৰিকি নথকা টিনৰ চালিৰ গৰু গোহালিসদৃশ এটা কোঠাতে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলগীয়া হোৱাত বিদ্যালয়লৈ নাহে ছাত্ৰ-ছাত্ৰীসকল ৷ ভগ্নপ্ৰায় কোঠাৰ ভিতৰত নাই কোনো ডেক্স-বেঞ্চ, সেইহে গোহালি সদৃশ সৰু ঠেক ভগ্ন গৃহত ছাত্ৰ ছাত্ৰীৰ পৰিবৰ্তে এতিয়া কুকুৰা আৰু গৰুৰ বাসস্থান ৷

গোহালিত পৰিণত বটদ্ৰৱাৰ প্ৰাথমিক বিদ্যালয়
বিদ্যালয় খনৰ শিক্ষাৰ এনে দুৰৱস্থাই আজিৰ শিশু কাইলৈ দেশৰ সুনাগৰিক কেনেকৈ হ'ব সেয়া এক ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় দি উঠিছে ৷

ABOUT THE AUTHOR

...view details