অসম

assam

By

Published : Sep 23, 2022, 2:22 PM IST

ETV Bharat / state

মৰণফাণ্ডলৈ পৰিণত হৈছে এখন শ্লুইচ গেট

কংগ্ৰেছ চৰকাৰৰ দিনতে সংস্থাপিত হোৱা এখন শ্লুইচ গেট। মৰণফাণ্ডলৈ পৰিণত হৈছে চামগুৰিৰ হাঁহচৰা-বৰালিগাঁও আৰু গেৰুৱামুখৰ সংযোগী মূল পথছোৱাত তথা চামগুৰি মহাবিদ্যালয়ৰ প্ৰৱেশপথত থকা শ্লুইচ গেটখন (Poor condition of Swiss gate )৷

Poor condition of Swiss gate
Poor condition of Swiss gate

চামগুৰি, 23 ছেপ্টেম্বৰ: মৰণফাণ্ডলৈ পৰিণত হৈছে চামগুৰিৰ হাঁহচৰা-বৰালিগাঁও আৰু গেৰুৱামুখৰ সংযোগী মূল পথছোৱাত তথা চামগুৰি মহাবিদ্যালয়ৰ প্ৰৱেশপথত থকা শ্লুইচ গেটখন ৷ কংগ্ৰেছ চৰকাৰৰ দিনতে সংস্থাপিত হোৱা এইখন শ্লুইচ গেট (Poor condition of Swiss gate)।

কলংৰ ওপৰত বিগত বহু বছৰ ধৰি বিকল হৈ থকা চুইছ গেট খনৰ সৈতে সংযোজিত পকী দলংখনৰ এতিয়া জৰাজীৰ্ণ অৱস্থাৰ বাবে নিতৌ দুৰ্ভোগ ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে চামগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে (People complaint against poor bridge condition) ৷ মেৰামতিৰ অভাৱত অতিশয় ঠেক দলংখনৰ এটা অংশৰ ৰেলীং ভাগি নিঃচিহ্ন হোৱাৰ লগতে জহি-খহি যাবলৈ ধৰিছে ৰেলীঙৰ খুটাও ৷

যাৰ বাবে দুখন গাড়ীতো দূৰৈৰে কথা একে সময়তে দুখন মটৰচাইকেল পাৰ হ'ব নোৱাৰা দলংখনৰ ওপৰেৰে বিপদজনকভাৱে পাৰ হৈ যাবলৈও নেদেখাজনক ধিয়াই ছাত্ৰ-ছাত্ৰী তথা পথচাৰী সকলে ৷

মৰণফাণ্ডলৈ পৰিণত হৈছে এখন চুইছ গেট

জৰাজীৰ্ণ দলং খনৰ বাবেই একেটা পথতেই থকা চামগুৰি মহাবিদ্যালয়ৰ প্ৰবেশপথৰ আনখন লোৰ অত্যাধুনিক দলঙো অৰ্থহীন হৈ পৰিছে ৷ বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো সংশ্লিষ্ট বিভাগ তথা গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্থানীয় ভুক্তভোগী ৰাইজে ৷

শীঘ্ৰেই যাতে চৰকাৰে ছাত্ৰ-ছাত্ৰী তথা অঞ্চলবাসীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দলংখন পুনৰ আহল-বহলকৈ পকীকৰণ কৰি দিয়ে আহ্বান জনায় ৷

লগতে পঢ়ক:দুৰ্গোৎসৱৰ বাবে ৰাজ্যিক কৰ্মচাৰীক ২৯ ছেপ্টেম্বৰতে দৰমহা দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details