চামগুৰি, ২৩ ছেপ্টেম্বৰ : পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে চামগুৰি মৎস্য সংৰক্ষণ উদ্যানখন ৷ এসময়ত মাছ-কাছৰ লগতে ফলে-ফুলে জাতিষ্কাৰ হৈ পৰি ৰোৱা এই উদ্যানখন এতিয়া পৰিচৰ্যাৰ অভাৱত জহি-খহি যাবলৈ ধৰিছে ৷ কিন্তু এইবোৰলৈ যেন চকু দিবলৈ কাৰো আহৰি নাই ৷ এই উদ্যানখনলৈ বিভাগীয় মন্ত্ৰী-বিষয়াই ইতিমধ্যে পিচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
জানিব পৰা মতে, প্ৰায় ১০ টা বছৰৰ পূৰ্বে অৰ্থাৎ ২০১৩ চনত ঐতিহাসিক চামগুৰি বিলৰ দাঁতিত তেতিয়াৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে উদ্বোধন কৰিছিল এখন মৎস্য সংৰক্ষণ উদ্যান । কোটি টকা ব্যয় সাপেক্ষে আটক ধুনীয়া নিৰ্মাণ কৰা এই উদ্যানখন কেৱল মৎস্য সংৰক্ষণৰ বাবেই নহয় উদ্যানখনে শোভা বৰ্ধন কৰিছিলে ঐতিহাসিক বিলখনৰ ।
কিন্তু সকলো যেন কালৰ গ্ৰাসত পৰি আটকধুনীয়া উদ্যানখনৰ এতিয়া পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে । মেৰামতি তথা পৰিচালনাৰ অভাৱত মৎস্য সংৰক্ষণৰ সেউজগৃহসমূহ এতিয়া ভাঙি-ছিঙি তথৈবচ অৱস্থা পৰি ৰৈছে ৷ হাবি-জংঘলেৰে ভৰি পৰা উদ্যানখনত এতিয়া বিৰাজ কৰিছে মৰিশালিৰ নিস্তব্ধতাই ।