অসম

assam

ETV Bharat / state

Poor Condition of NH 37: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় পথৰ দুৰৱস্থা; মেৰামতিৰ নামত ভেকোভাওনা বিভাগৰ - ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা ৷ পথৰ বিধস্ত ৰূপত ত্ৰাহি মধুসূদন সোঁৱৰিছে বাহনৰ চালক-যাত্ৰীয়ে ৷

Poor Condition of NH 37 Near Kaziranga
37 নং ৰাষ্ট্ৰীয় পথ

By

Published : Jul 19, 2023, 12:57 PM IST

পথৰ বিধস্ত অৱস্তস্থাত ত্ৰাহি মধুসূদন সোঁৱৰিছে চালক-যাত্ৰীয়ে

কলিয়াবৰ, 19 জুলাই:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় পথৰ দুৰৱস্থা ৷ বুঢ়াপাহাৰৰ পৰা কাঞ্চনজুৰিলৈকে পথৰ বিধস্ত ৰূপত ত্ৰাহি মধুসূদন সোঁৱৰিছে বাহনৰ চালক-যাত্ৰীয়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকূলৰ বাবেও বিপদ মাতিছে পথৰ দুৰৱস্থাই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবেই জীয়াতু ভুগিছে ৰাইজে ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই যমৰ যাতনা ভুগিছে উজনি-নামনিৰ যাত্ৰীয়ে ৷ এই পথেৰে মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়কৰ সঘন আহ-যাহ ৷ তথাপিও কাৰোৰে কাণষাৰ নাই পথছোৱা মেৰামতিৰ বাবে ৷

বুঢ়াপাহাৰৰ পৰা কাঞ্চনজুৰিলৈকে পথৰ ওপৰত একো একোটা বৃহৎ গাঁতৰ বাবেই বিপদৰ সন্মুখীন হৈছে যাত্ৰী ৷ পথৰ দুৰৱস্থাৰ বাবেই বিগত সময়ছোৱাত সংঘটিত হৈছে সৰু-বৰ কেইবাটাও দুৰ্ঘটনা ৷ কিছুদিন পূৰ্বে সংশ্লিষ্ট বিভাগে পথৰ মাজত থকা গাঁত সমূহ শিলগুটি-আলকাতৰাৰে মেৰামতি কৰিছিল যদিও পুনৰ গাঁত সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে ঘাইপথছোৱা ৷ যদিহে ঘাইপথছোৱা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা নহয়, তেন্তে পুনৰ ভাঙি যোৱাৰে সম্ভাৱনাই অধিক ৷

ৰাষ্ট্ৰীয় উদ্যাখনখনৰ জীৱকুলৰ বাবেও বিপদ মাতিছে ঘাইপথৰ দুৰৱস্থাই ৷ বিশেষকৈ বানৰ সময়ত কাজিৰঙাৰ জীৱকুল কাৰ্বি পাহাৰলৈ এই পথ পাৰ হৈ আশ্ৰয় ল'বলৈ যায় ৷ আনহাতে, স্বাভাৱিক অৱস্থাতো ৰাষ্ট্ৰীয় পথ জীৱকুল পাৰ হোৱা দেখা যায় ৷

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে ৷ ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে গতি কৰিছে ৷ বিগত সময়ছোৱাত বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ বান পৰিস্থিতি পূৰ্বৰ তুলনাত উন্নত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :Delhi Flood Update: দিল্লীত বিপদসীমাৰ তললৈ যমুনা নদীৰ জলস্তৰ; এতিয়াও পানীৰ তলত বহু অঞ্চল

ABOUT THE AUTHOR

...view details