চামগুৰি, 12 জুলাই : পৰিত্যক্ত অৱস্থাত আছে ৰাজ্য চৰকাৰৰ কোটি কোটি টকাৰ চৰকাৰী আঁচনি (Govt Scheme)ৰ টকাৰে নিৰ্মাণ কৰা এটা ইন্দিৰা আৱাস যোজনা (Indira Awas Yojna)ৰ কলনী ৷ বানবিধ্বস্ত ৰাইজৰ বাবে স্থায়ী আশ্ৰয়স্থলী হিচাপে নিৰ্মাণ কৰা 167 টা ইন্দিৰা আৱাসগৃহ আজিলৈকে কৰা নহ’ল মুকলি ৷ যাৰ পৰিপ্ৰেক্ষিতত আজিপৰ্যন্ত পৰিত্যক্ত হৈ ৰৈছে নগাঁও জিলা (Nagaon District)ৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বানবিধ্বস্ত অঞ্চল লাওখোৱাৰ এক নং ভুৰবন্ধাত অৱস্থিত কলনীটো ৷ বিগত কংগ্ৰেছ চৰকাৰ (Congress Govt)ৰ কাৰ্যকালতে সেই সময়ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন (Rockybul Hussain)ৰ তৎপৰতাত লাওখোৱাৰ বানপীড়িত গৃহহীন লোকসকলক আশ্ৰয় প্ৰদানৰ বাবে কলনীটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল ৷
সম্প্ৰতি এই কলনীটোৰ ঘৰসমূহ ভৰি পৰিছে হাবি-জংঘলেৰে ৷ হৰলুকি হৈছে একাধিক ঘৰত থকা মুধচৰ টিনপাত, দৰ্জা, খিৰিকী, চৌকাঠ আদি । এটা পৰিয়ালেও আজি পৰ্যন্ত এই বিশেষ কলনীটোত সংস্থাপিত হ’বলৈ সৌভাগ্য হোৱা নাই ৷ ইফালে ব্ৰহ্মপুত্ৰৰ বান আৰু খহনীয়াৰ ফলত প্ৰতিবছৰে বৃহত্তৰ লাওখোৱা অঞ্চলৰ বহুকেইখন গাঁও বুৰ যায় ৷