বঢ়মপুৰ, 27 আগষ্টঃ স্বাস্থ্য বিভাগৰ অমনোযোগীতাৰ বাবেই বিগত ৮ বছৰে মুকলি নহ'ল কন্দলি নিবুকালিৰ প্ৰাথমিক চিকিৎসালয়খন ৷ গ্ৰামাঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ২০১২ বৰ্ষতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা চিকিৎসালয়খন বৰ্তমান জহি খহি যোৱাৰ উপশম হৈছে ৷ স্বাস্থ্য বিভাগত ব্যাপক উন্নয়ণ হোৱা বুলি দম্ভালি মৰা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত এতিয়া গোহালীত পৰিণত হৈছে চৰকাৰী চিকিৎসালয়খন ৷
গৰু গোহালিত পৰিণত ৰাজ্যৰ চৰকাৰী চিকিৎসালয় - গৰু গোহালীত পৰিণত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়
উল্লেখ্য যে, চিকিৎসালয়খন জংঘলৰে আৱৰি থকাৰ লগতে আচবাবসমূহো নষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ আনহাতে চিকিৎসক নিযুক্তি দিয়া হৈছিল যদিও চিকিৎসালয়খনৰ দুৰৱস্থাৰ ফলত ৰোগীক চিকিৎসা কৰিব নোৱাৰি ঘৰতে বহি চিকিৎসকে দৰমহা লোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷
![গৰু গোহালিত পৰিণত ৰাজ্যৰ চৰকাৰী চিকিৎসালয় Barhampur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8574742-601-8574742-1598526418944.jpg)
লগতে পঢ়কঃবিশিষ্ট গায়িকা অৰ্চনা মহন্তৰ পৰলোকপ্ৰাপ্তি
উল্লেখ্য যে, চিকিৎসালয়খন জংঘলৰে আৱৰি থকাৰ লগতে আচবাবসমূহো নষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ আনহাতে চিকিৎসক নিযুক্তি দিয়া হৈছিল যদিও চিকিৎসালয়খনৰ দুৰৱস্থাৰ ফলত ৰোগীক চিকিৎসা কৰিব নোৱাৰি ঘৰতে বহি চিকিৎসকে দৰমহা লোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান আঁচনিৰ অধীনত ২০১০-১১ বিত্তীয় বৰ্ষত বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই ৪৫ লাখ টকা ব্যয়ৰে ১০ খন বিচনা যুক্ত এই চিকিৎসালয়খন নিৰ্মাণ কৰিছিল যদিও আজিকোপতি স্বাস্থ্য বিভাগে চিকিৎসালয়খন মুকলি কৰি নিদিয়াত অঞ্চলটোৰ ৰাইজে চিকিৎসা সেৱাৰ ক্ষেত্ৰত হাহাকাৰ কৰিব লগা হৈছে ৷