অসম

assam

ETV Bharat / state

ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা - Poor condition of a veterinary center at Raha

চিকিৎসা উপকেন্দ্ৰ আছে কিন্তু চিকিৎসক নাই ৷ পশু চিকিৎসকৰ অভাৱত অকালতে মৰিছে গৰু-ছাগলীকে ধৰি বহু পশুধন ৷ যাৰ বাবে পশু পালন কৰিবলৈ এৰিছে ৰহাৰ এটা বিশেষ অঞ্চলৰ ৰাইজে ৷

poor-condition-of-a-veterinary-center-at-raha-of-nagaon
ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা

By

Published : Aug 13, 2021, 4:07 PM IST

ৰহা,13 আগষ্ট : আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল ৷ এই বাক্যশাৰী এতিয়া উপযুক্ত উদাহৰণ হৈ পৰিছে ৰহাৰ দীঘলদৰিত থকা পশু চিকিৎসা উপ-কেন্দ্ৰটোৰ ক্ষেত্ৰত ৷ কাৰণ সুদীৰ্ঘ দিন ধৰি পৰিত্যক্ত হৈ পৰি আছে এই পশু চিকিৎসা উপ-কেন্দ্ৰটো ৷ ব্যৱহাৰ নোহোৱাৰ ফলত কেন্দ্ৰটোৰ ঘৰ-দুৱাৰ জহি খহি গৈ জকাটোহে ৰৈছেগৈ ৷ অৱশ্যে স্থানীয় লোকে ইয়াক খৰি থোৱা ঘৰ হিচাপে ব্যৱহাৰ কৰি অন্তত কিবা এক কামত ব্যৱহাৰ কৰিছে ৷

উল্লেখ্য যে, 1979 চনতে ৰহাৰ দীঘলদৰিত স্থাপন কৰা হৈছিল এই পশু চিকিৎসা উপ-কেন্দ্ৰটো ৷ অঞ্চলটোৰ প্ৰায় 7-8 খন গাঁৱৰ কৃষিজীৱি ৰাইজ তথা পশুপালকসকলৰ একমাত্ৰ ভৰষা আছিল এই পশু চিকিৎসা কেন্দ্ৰটো ৷ জানিব পৰা মতে, ইয়াত নিয়োজিত পশু চিকিৎসক আৰু কৰ্মীসকলক কৰ্তৃপক্ষই অন্য ঠাইলৈ বদলি কৰি লৈ গ'ল ৷ কিন্তু তাৰ পৰিৱৰ্তে অন্য চিকিৎসক নিয়োগ নকৰিলে ৷ যাৰ ফলত বিগত প্ৰায় 30 বছৰে পশু চিকিৎসা উপ-কেন্দ্ৰটো এনেদৰে পৰিত্যক্ত অৱস্থাত আছে ৷

ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা

প্ৰাপ্ত খবৰ মতে,পশু চিকিৎসকৰ অভাৱৰ বাবেই অঞ্চলৰ বহু পশুধনৰ অকালতে মৃত্যু হৈছে ৷ কিন্তু বিষয়টোত গুৰুত্ব দিবলৈ আহৰি নাই পশু চিকিৎসা বিভাগৰ ৷

লক্ষণীয় ভাৱে অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক লোকেই কৃষিজীৱি আৰু পশুপালন কৰে ৷ কিন্তু পশুৰ ৰোগ হ'লে চিকিৎসাৰ কাৰণে হাহাকাৰ কৰিব লাগে ৷ যাৰবাবে বহু লোকে পশুপালন ত্যাগ কৰিবলগীয়া হৈছে আৰু কৰ্মসংস্থাপনৰ অভাৱত পৰিছে ৷ সেয়েহে এই কেন্দ্ৰটো পুনৰ স্থাপন কৰি অঞ্চলৰ পশুপালক তথা কৃষিজীৱি ৰাইজক পশুপালনত উৎসাহ দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷ ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰ তথা সংশ্লিষ্ট বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃবানাক্ৰান্ত কলংপাৰবাসী, চাৰিটা বছৰে নাপালে সাহাৰ্য

ABOUT THE AUTHOR

...view details