অসম

assam

ETV Bharat / state

কেনেদৰে চলিছে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ কাম-কাজ ?

পথৰ মাজত প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত ৷ পথ নিৰ্মাণৰ বাবে জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্ব নাই ৷ যাৰ বাবে গাঁতৰ পানী সিঁচি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ৷

Poor condition of a road in kothalguri  nagaon
পথৰ মাজত পুখুৰী সদৃশ গাঁত; পানী সিঁচি প্ৰতিবাদ ৰাইজৰ

By

Published : Jul 11, 2021, 10:08 AM IST

চামগুৰি, 11 জুলাই : পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে কঠালগুৰিবাসীক ৷ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী তথা কলিয়াবৰ, চামগুৰি আৰু বঢ়মপুৰ সমষ্টিৰ সংযোগস্থল বৃহত্তৰ কঠালগুৰি অঞ্চল ৷ অভিযোগ অনুসৰি জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবেই বাট-পথৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে কঠালগুৰি অঞ্চলটো পিছপৰি ৰৈছে ৷

বিশেষকৈ জৰাজীৰ্ণ পথৰ অৱস্থাই কঠালগুৰিৰ ৰাইজক বাৰুকৈয়ে হাৰাশাস্তি কৰিছে ৷ কঠালগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত কঠালগুৰিৰ পৰা উদমাৰিলৈকে যোৱা পথটোৰ বৰ্তমানৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ ৷ দৈনিক হাজাৰ হাজাৰ লোকে যাতায়াত কৰা পথটোৰ মাজত সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁত ৷

পথৰ মাজত প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত

উল্লেখ্য যে, নিতৌ বৃহৎ পৰিমাণৰ শিল-বালি, কাঠ আদি কঢ়িওৱা ডাম্পাৰবোৰে অধিক শোচনীয় কৰি তুলিছে পথটো ৷ কঠালগুৰিৰ ৰাইজে বহুবাৰ স্থানীয় বিধায়কগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক এই পথটো নিৰ্মাণ কৰিবৰ বাবে আবেদন জনাইছিল ৷ কিন্তু আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জন প্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই ৷

ফলত উপায়হীন হৈ পৰিছে কঠালগুৰিৰ ৰাইজ ৷ শনিবাৰে পথচোৱাৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতবোৰত জমা হোৱা পানী সিঁচি পথটো নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ পথৰ দুৰৱস্থা সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ লগতে লোক নিৰ্মাণ বিভাগ আৰু মন্ত্ৰী-বিধায়কক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details