কলিয়াবৰ, 10 জুলাই :বৰ্তমান সময়ত সমগ্ৰ দেশৰ লগতে ৰাজ্যতে ক’ভিড (Covid 19)পৰিস্থিতিয়ে যথেষ্ট ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ এই সময়খিনিতেই বিভিন্ন স্বাস্থ্যকৰ্মী তথা চিকিৎসকসকলে জৰুৰীকালীন সময়ত বিশেষ সেৱা আগবঢ়াই আহিছে ৷ বৃটিছৰ দিনতে প্ৰতিষ্ঠা হোৱা বৰ্তমানৰ শিলঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (Silghat mini PHC) ক'ভিডসৃষ্ট পৰিৱেশতো পাবলৈ নাই চিকিৎসক । ফলত দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলবাসীয়ে।
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে স্বাস্থ্য বিভাগত হোৱা এনে অৰাজকতাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । যি সময়ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চিকিৎসা সেৱাক গতিশীলতা প্ৰদান কৰিবলৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই চেষ্টা অব্যাহত ৰাখিছে ৷ সেই সময়ত নিজ সমষ্টিতে এনে অৰাজকতাৰ ফল ভুগিছে শিলঘাটবাসীয়ে ।
চিকিৎসা সেৱাৰ বাবে বৃটিছৰ দিনতে নিৰ্মাণ কৰা হৈছিল কলিয়াবৰৰ শিলঘাটৰ এইখন চিকিৎসালয় । বৃটিছে শিলঘাটত 1880 চনতে নিমাৰ্ণ কৰিছিল চিকিৎসালয়খন । স্বাধীন ভাৰতত এই হাস্পতালখনৰ নাম হ'লগৈ শিলঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (Silghat mini PHC)।
শিলঘাটৰ মাজমজিয়াত থকা চিকিৎসালয়খন বৃহত্তৰ শিলঘাটৰ বিভিন্ন অঞ্চলৰ লোকৰ স্বাস্থ্যজনিত সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা কৰিছিল ৷ কিন্তু পৰিতাপৰ কথা যে, চিকিৎসালয়খনত চিকিৎসক উপস্থিত নথকাৰ ফলতে এতিয়া হাৰাশাস্তিৰ সন্মুখীন হ'বলগা হৈছে স্থানীয় লোকসকল । অসম সমবায় মৰাপাট কল, চাহ বাগিচাকে ধৰি কাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজে ভৰষা কৰিবলগীয়া হৈছে জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ৰ ওপৰত ।