কলিয়াবৰ, 9 ছেপ্তেম্বৰ : এটা চৰকাৰী কাৰ্যালয়ত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিক অৱমাননা ৷ 2013 চনত কলিয়াবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ(Public Health Engineering Department) কাৰ্যালয়ৰ চৌহদত উৎসৰ্গিত কৰা হৈছিল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) নামত এখন উদ্যান(Park) ।
কিন্তু ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত এই উদ্যানখন কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিছে ডাষ্টবিন হিচাপেহে । শৌচাগাৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী ৰখা স্থান হিচাপে ব্যৱহাৰ কৰিছে এই উদ্যানখন ।