অসম

assam

পুৰণিগুদামৰ এগৰাকী শিল্পীৰ দুৰ্দশাৰ কাহিনী

By

Published : Jun 22, 2021, 7:02 PM IST

এফালে কৰ'ণা মহামাৰীৰ ত্ৰাস । আনফালে সান্ধ্য আইনৰ বাবে বন্ধ হৈ পৰিছে উপাৰ্জনৰ পথ । উপায়হীন হৈ বাঁহেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি পৰিয়াল পোহপাল দিয়াৰ চেষ্টা কৰিছে নগাঁৱৰ পুৰণিগুদামৰ শংকৰী কলা-সংস্কৃতিৰে জড়িত এগৰাকী শিল্পীয়ে ।

পুৰণিগুদামৰ এগৰাকী শিল্পীৰ দুৰ্দশাৰ কাহিনী
পুৰণিগুদামৰ এগৰাকী শিল্পীৰ দুৰ্দশাৰ কাহিনী

চামগুৰি, ২২ জুন: কৰ'ণা মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰ আগতে সকলো ঠিকেই আছিল । শংকৰী কলা, কৃষ্টি-সংস্কৃতিৰ সাধক নগাঁৱৰ পুৰণিগুদামৰ ৰংদাইচুক গাঁৱৰ বাসিন্দা বিনোদ ভূঞাই সুন্দৰকৈ পোহপাল দিব পাৰিছিল পৰিয়ালটো । কিন্তু মহামাৰীয়ে সকলো পৰস্থিতি সলনি কৰি দিলে । অসমৰ বিভিন্ন জিলাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতো ভাওনা প্ৰদৰ্শন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰসাৰৰ চেষ্টা অব্যাহত ৰাখিছে শিল্পীগৰাকীয়ে ।

কৃষ্টি,সংস্কৃতি চৰ্চাৰ জৰিয়তে জীৱিকা অৰ্জনো কৰিছিল বিনোদ ভূঞাই । কিন্তু এতিয়া এই ক্ষেত্ৰত হেঙাৰ হৈ পৰিছে কৰ'ণা মহামাৰী । কৰ'ণাসৃষ্ট পৰিস্থিতিৰ বাবে বিগত বৰ্ষৰে পৰা প্ৰায় বন্ধ হৈ পৰিছে নাট-ভাওনা ৷ সেইবাবে পৰিয়ালৰ পোহপাল দিব নোৱাৰা হৈ পৰিছে শিল্পীজনে ।

পুৰণিগুদামৰ এগৰাকী শিল্পীৰ দুৰ্দশাৰ কাহিনী

চৰকাৰ তথা সাংস্কৃতিক বিভাগৰ পৰাও কোনো ধৰণৰ সাহাৰ্য তথা সকাহ লাভ কৰা নাই শিল্পী গৰাকীয়ে । সেয়ে, উপাৰ্জনৰ বাবে বাছি ল'বলগীয়া হৈছে অন্য এক পথ । তেওঁ বাঁহেৰে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুতি কৰিছে । এই সামগ্ৰীবোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে শিল্পীগৰাকী কৃষিকাৰ্যত ব্যস্ত হৈছে ।

এতিয়া কেৱল বেৰত ওলমি ৰৈছে বিভিন্ন সম্বৰ্ন্ধনা পত্ৰ, খোল । বিনোদ ভূঞাই নিজে অভিনয় কৰাৰ লগতে যুৱক-যুৱতীসকলক প্ৰশিক্ষণো দিছিল । আনহাতে, বৰ্তমান অভিনেতাসকলেই নহয়, ভাওনা সংস্কৃতিৰে জড়িত অধিকাংশ লোকেই দুবেলা-দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । ভাওনাৰ অভিনেতাসকলৰ বাবে পোছাক প্ৰস্তুত কৰা লোকসকলৰো আৰ্থিক অৱস্থা অতি শোচনীয় ।

ভাওনা অথবা বিভিন্ন অনুষ্ঠানত বিদ্যুতৰ ব্যৱস্থা কৰা লোকসকলেও এতিয়া আহুকালত পৰিছে । জীৱিকা অৰ্জনৰ বাট বিচাৰি নাপাই মূৰে-কপালে হাত দিবলগীয়া হৈছে । কোনো কোনো লোকে আন ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে যদিও বহুতেই ধনৰ অভাৱত নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পৰা নাই । পৰিয়াল পোহপাল দিয়াতো এক প্ৰকাৰৰ সংগ্ৰাম যেন হৈ পৰিছে এই লোকসকলৰ বাবে ।

লগতে পঢ়ক:ৰঙিয়াত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details