অসম

assam

ETV Bharat / state

নগাঁৱৰ ননৈৰ দীপ শইকীয়াই লাভ কৰিলে অষ্টম স্থান - ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়

নগাঁও জিলাৰ ননৈ কুমাৰগাঁৱৰ অনন্তৰাম শইকীয়া আৰু অনিমা শইকীয়াৰ পুত্ৰ দীপ শইকীয়াই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি নগাঁৱৰ ননৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ 586 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰগৰাকীয়ে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নগাঁও ননৈৰ দীপ শইকীয়া

By

Published : May 15, 2019, 2:51 PM IST

বঢ়মপুৰ , 15 মে': বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলতব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সফলতাৰ সমান্তৰালৰকৈ উজলি উঠিল নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দীপ শইকীয়া ৷

নগাঁও জিলাৰ ননৈ কুমাৰগাঁৱৰ অনন্তৰাম শইকীয়া আৰু অনিমা শইকীয়াৰ পুত্ৰ দীপ শইকীয়াই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি নগাঁৱৰ ননৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ 586 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰগৰাকীয়ে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নগাঁও ননৈৰ দীপ শইকীয়া

ইপিনে পুত্ৰৰ ফলাফলত উচুপি উঠিল ৰোগাক্ৰান্ত মাতৃ অনিমা শইকীয়াই ৷ বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সুদক্ষ অভিযন্তা হোৱাৰ আশা মনত পুহি ৰাখিছে বুলি জানিবলৈ দিয়ে মেধাৱী ছাত্ৰগৰাকীয়ে ৷ দীপ শইকীয়াই আজুৰি অনা সাফল্যত উৎফুল্লিত হৈ পৰে সমগ্ৰ ননৈ অঞ্চলৰ ৰাইজ ৷

ABOUT THE AUTHOR

...view details