নগাঁও, 4 জুলাই : অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহত আৰম্ভ হৈছে দলীয় বিসম্বাদ। কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈৰ পিচত এইবাৰ বিজেপিতো আৰম্ভ হৈছে দলীয় সংঘাত। নগাঁৱৰ দুই ৰাজনৈতিক নেতা ৰাজেন গোহাঁই আৰু ৰূপক শৰ্মাৰ মাজত তুংগত উঠিছে সংঘাত। বিগত সময়ত চাৰিবৰকৈ নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে এইবাৰ বিস্ফোৰণ ঘটাইছে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ বিৰুদ্ধে।
নগাঁও নে বঢ়মপুৰ : ক'ৰ পৰা নিৰ্বাচন খেলিব ৰাজেন গোঁহাইয়ে - প্ৰাক্তন সাংসদ
বিজেপিতো আৰম্ভ দলীয় সংঘাত। কংগ্ৰেছৰ ৰকি-প্ৰদ্যুতৰ পিছত তুংগত বিজেপিৰ ৰাজেন গোহাঁই-ৰূপক শৰ্মাৰ ৰাজনৈতিক সংঘাত। এইবাৰ ৰূপক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ। মিছা কথাৰে ৰাইজক বিপথে পৰিচালিত কৰা বুলি ৰূপক শৰ্মাৰ বিৰুদ্ধে অভিয়োগ তুলিলে ৰাজেন গোঁহাইয়ে।

বিগত লোকসভা নিৰ্বাচনত ৰাজেন গোঁহাইক বঞ্চিত কৰি নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিও পৰাজিত হোৱা ৰূপক শৰ্মাৰ গণভিত্তিক লৈ প্ৰশ্ন তুলিলে ৰাজেন গোহাঁইয়ে । প্ৰাক্তন সাংসদগৰাকীৰ মতে, বিগত লোকসভা নিৰ্বাচনেই প্ৰমাণ কৰিছে কাৰ কিমান গণভিত্তি আছে । বিগত ২০ বছৰে বিজেপি দলেই প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লৈ পৰাজিত হৈছে ৰূপক শৰ্মা । লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্ব লৈও নিজৰ সমষ্টিতেই ৰূপক শৰ্মাই গণভিত্তি দেখুৱাব নোৱাৰিলে বুলি কটাক্ষ কৰে ৰাজেন গোঁহাইয়ে ।
লগতে পঢ়ক :গুৱাহাটীত আংশিকভাৱে শিথিল হ’ব লক ডাউন