নগাঁও, 1 মে’ :ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে এনকাউন্টাৰ ঘটনা (Encounter in Assam) । পুনৰবাৰ গৰজিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰ ৷ এইবাৰ গুলীচালনাৰ ঘটনাৰ স্থান নগাঁৱৰ ৰূপহীহাট (Encounter in Nagaon)।
দেওবাৰে নিশা আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এটা দুধৰ্ষ ড্ৰাগছ মাফিয়া । আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ মাফিয়াটোৰ নাম ৰমিজুল ইছলাম বুলি জানিব পৰা গৈছে (Police shoot most wanted suspected drug mafia in Nagaon) । জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল অভিযুক্ত ৰমিজুল ইছলাম ।
তথ্য অনুসৰি, দেওবাৰে ৰূপহীহাট আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ কৰা সন্দৰ্ভত গোপন সূত্ৰৰ আধাৰত লাভ কৰিছিল এক খবৰ ৷ এই খবৰৰ আধাৰতে ৰূপহীহাট আৰক্ষীয়ে ৰূপহীহাটৰ বৰতলত চলায় এক অভিযান ৷ এই অভিযানতে ৰূপহীহাট আৰক্ষীয়ে বৰতলৰ পৰা ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামক আটক কৰে । লগতে অভিযুক্ত ৰমিজুল ইছলামৰ পৰা 75 টা ড্ৰাগছ ভৰ্তি কন্টেনাৰো জব্দ কৰিবলৈ সক্ষম হয় ৷