অসম আৰক্ষীৰ গুলীচালনা ড্ৰাগছ সৰবৰাহকাৰীলৈ নগাঁও, 22 এপ্ৰিল : ৰাজ্যত পুনৰ আৰক্ষীৰ গুলীচলনা ৷ নগাঁও জিলাৰ কলিয়াবৰৰ মিছাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱা সময়তে ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলায় বুলি জানিবলৈ পৰা গৈছে (Police shoot suspected drug dealer in Nagaon) ৷
আৰক্ষীৰ গুলীত আহত চামগুৰিৰ ড্ৰাগছ মাফিয়া ছাদ্দাম হুছেইন (Encounter at samaguri) ৷ শুক্ৰবাৰে সন্ধিয়া চামগুৰিৰ শিৱস্থানত হেৰ'ইনসহ আৰক্ষীৰ জালত পৰিছিল ছাদ্দাম । নিশা মিছাৰ নিজুৰিত ছাদ্দামক লৈ অভিযান চলাইছিল আৰক্ষীয়ে । পিছে নিজৰিৰ পৰা উভতাৰ পথত বৰষুণৰ সুযোগ লৈ আৰক্ষীক আক্ৰমণ কৰি ছাদ্দামে পলায়নৰ চেষ্টা চলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । উপয়ান্তৰ হৈ আৰক্ষীয়ে ছাদ্দামৰ ভৰিত গুলীচালনা কৰে (Drug peddler injured in police encounter) ।
লগতে পঢ়ক :ULFA I Cadre missing: আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰাৰ পিচতে নিৰুদ্দিষ্ট হৈ পৰিছে তিনিচুকীয়াৰ পলাশ; চাঞ্চল্য অব্যাহত
নিশা প্ৰায় ১ বাজি ১৫ মিনিটত এই গুলীচলনাৰ ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পৰা গৈছে ( Police shoot suspected drug dealer in Samaguri ) । আহত ছাদ্দামক নগাঁও মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰা হৈছে । মন কৰিবলগীয়া যে, নগাঁৱত ব্যাপক হাৰত চলিছে ড্ৰাগছৰ প্ৰচলন ৷
উল্লেখ্য যে, ৰাজ্যত চৰকাৰ-প্ৰশাসনৰ নেতৃত্বত তীব্ৰ গতিত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ কিন্তু তাৰপিচতো চৰকাৰ-প্ৰশাসনৰ প্ৰতি অংগুষ্ঠ প্ৰৰ্দশন কৰি বিভিন্ন কায়দাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগচকে ধৰি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৷ আনকি দুৰ্ভাগ্যজনকভাৱে উত্তৰ প্ৰজন্মৰ বহু কিশোৰ-কিশোৰী ড্ৰাগছৰ কৰাল গ্ৰাসত পৰা দেখিবলৈ পোৱা গৈছে ৷ আনকি, ড্ৰাগছ আসক্ত সন্তানৰ অত্যাচাৰ, ব্যক্তিগত স্খলন সহিব নোৱাৰি অভিভাৱক পৰ্যন্ত আৰক্ষীৰ দ্বাৰস্থ হোৱা পৰিলক্ষিত হৈছে ( Assam police against Drugs ) ৷
লগতে পঢ়ক :Satyapal Malik Summoned: চিবিআয়ে চমন জাৰি কৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক