বঢ়মপুৰ, 1 মে' : লক-ডাউনৰ মাজতে কামপুৰৰ কাকতি গাঁৱত নিশা বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷ নিশা গাঁওৰক্ষী বাহিনীয়ে কামপুৰ শালমৰা অভিমুখে আহি থকা চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰে সামগ্ৰীখিনি ৷ জব্দকৃত বাহনখনৰ পৰা নিশাই পলাবলৈ সক্ষম হয় ইমৰান হুছেইন, আনাৰোল আৰু জেহিৰুল নামৰ ব্যৱসায়ী তিনিজন । উক্ত ঘটনা সন্দৰ্ভত নিশাই স্থানীয় লোকে আৰক্ষীক খৱৰ দিয়াত কামপুৰ আৰক্ষী উপস্থিত হৈ নিচাযুক্ত দ্ৰব্য সমূহৰ লগতে AS 08-8987 নম্বৰৰ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷
কামপুৰত বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ
গাঁওৰক্ষী বাহিনীৰ প্ৰচেষ্টাত নিশা কামপুৰত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ কফ চিৰাফ ৷ চাৰিচকীয়া বাহনৰ জৰিয়তে তিনি ব্যৱসায়ীয়ে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে সামগ্ৰীখিনি ৷ নিশাই আৰক্ষী উপস্থিত হৈ দ্ৰব্য সমূহৰ লগতে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ৷
জব্দকৃত বাহন
আনহাতে বৃহৎ পৰিমাণৰ কফ চিৰাপ জব্দ কৰাৰ পিছতো গাঁওৰক্ষী বাহিনীৰ সম্পাদক বচিৰ হকে আৰক্ষীক খবৰ দিবলৈ বাধা দিয়া ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।
লগতে পঢ়ক : ডিব্ৰুগড় আৰু নামৰূপ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ