নগাঁও, 5 ডিচেম্বৰ : কেইদিনমান পূৰ্বে টকাৰ উজান উঠিছিল নগাঁৱৰ কলঙত । পিছে এইবাৰ টকা অথবা মাছ নহয়, ড্ৰাগছ বিচাৰি আৰক্ষীয়ে চলাথ কৰিছে কলঙত ।
কলঙত কি বিচাৰিছে আৰক্ষীৰ বৃহৎ দলে ? - অসমাজিক কাৰ্যকলাপ
এইবাৰ টকা অথবা মাছ নহয়, ড্ৰাগছ বিচাৰি আৰক্ষীয়ে চলাথ কৰিছে কলঙত। নগাঁও চহৰৰ আৰ এন বি ৰোডৰ কলঙৰ পাৰৰ এটা ঘৰত ড্ৰাগছকে ধৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ চলাই আহিছিল । এই খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰে।
নগাঁও চহৰৰ আৰ এন বি ৰোডৰ কলঙৰ পাৰৰ এটা ঘৰত ড্ৰাগছকে ধৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ চলাই আহিছিল । এই খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰে । আৰক্ষী উপস্থিত হোৱা দেখিয়েই ঘৰটোত থকা মহিলা আৰু এজন লোকে কলঙত দলিয়াই দিয়ে ঘৰটোত মজুত ৰখা বুজন পৰিমাণৰ ড্ৰাগছ ।
আৰক্ষীয়ে লগে লগে কলঙতে অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । লগতে ঘৰটোত থকা মহিলাগৰাকীৰ লগতে লোকজনকো আটক কৰে আৰক্ষীৰ দলটোৱে ।
লগতে পঢ়ক: MSP, APMC সন্দৰ্ভত কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ