নগাঁও, 19 ফেব্ৰুৱাৰী: এইবাৰ নগাঁও আৰক্ষীৰ অভিযান চলিল এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিশাল অট্টালিকাত (Police raid building of corrupt GST inspector) । মৰিগাঁৱত GST ৰ পৰিদৰ্শক শোণিত বৰঠাকুৰক শনিবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত বিয়লি শোণিত বৰঠাকুৰৰ নগাঁৱস্থিত বাসগৃহত চলে আৰক্ষীৰ অভিযান (Arrested GST inspector Sonit Borthakur)৷
GST ৰ পৰিদৰ্শক শোণিত বৰঠাকুৰে নিজকে GST ৰ অধীক্ষক বুলি পৰিচয় দি এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছিল । উৎকোচ বিচৰাৰ অভিযোগত শনিবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত শনিবাৰে বিয়লি বিষয়াগৰাকীৰ নগাঁৱৰ বৈদ্যটুপত থকা বাসগৃহত অভিযান চলায় নগাঁও আৰক্ষীৰ এটা দলে । বিষয়াগৰাকীৰ বিশাল অট্টালিকাত অভিযান চলাই বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ দলটো ।