অসম

assam

By

Published : Jul 9, 2020, 9:53 PM IST

ETV Bharat / state

ড্ৰাগছ আসক্ত কিশোৰীৰ মৃত্যুৰ পাছত অধিক সক্ৰিয় নগাঁও আৰক্ষী

বুধবাৰে ড্ৰাগছ সেৱন কৰা এগৰাকী কিশোৰীৰ মৃত্যুৰ পিছতেই ড্ৰাগছৰ ঘাটিত অভিযান নগাওঁ আৰক্ষীৰ । বৃহস্পতিবাৰৰ আৰক্ষীৰ এই অভিযানত উচ্ছেদ হৈছে এটা ড্ৰাগছৰ ঘাটি । লগতে আটক হ'ল দুই ড্ৰাগছ ব্যৱসায়ী ।

police operation on drug racket at nagaon
ড্ৰাগছ আসক্ত কিশোৰীৰ মৃত্যুৰ পাছত অধিক সক্ৰিয় নগাঁও আৰক্ষী

নগাঁও, ৯জুলাই: বুধবাৰে নগাঁৱত এগৰাকী ড্ৰাগছ আসক্ত কিশোৰীৰ মৃত্যুৰ পিছতেই ড্ৰাগছৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ নগাঁও আৰক্ষীয়ে চলাইছে অভিযান । বুধবাৰে সন্ধিয়া দুই যুৱকে অত্যাধিক ড্ৰাগছ সেৱন কৰাই ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল এগৰাকী কিশোৰীক । অৱশেষত কিশোৰীগৰাকীৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছতেই নগাঁও আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত আন দুই কিশোৰক আটক কৰিছিল ।

এই ঘটনাৰ লগত জড়িত সকলোকে আটক কৰাৰ প্ৰচেষ্টাৰে আৰক্ষীৰ দলটোৱে বৃহস্পতিবাৰে পুনৰ অভিযান চলাই আবিষ্কাৰ কৰিলে নগাঁও চহৰতে থকা এটা ড্ৰাগছৰ ঘাটি । জানিব পৰা মতে চহৰখনৰ বহু সংখ্যক যুৱক যুৱতী, কিশোৰ কিশোৰীয়ে পূৰ্বৰে পৰাই এই ড্ৰাগছৰ ঘাটিৰ পৰা ড্ৰাগছ ক্ৰয় কৰি আহিছিল । নগাঁৱৰ চিলঙনিত থকা এই ড্ৰাগছৰ ঘাটিটো আৰক্ষীয়ে উচ্ছেদ কৰাৰ লগতে আটক কৰিলে এহাল দম্পতীক । আটকাধীন নুৰ মহম্মদৰ লগতে পত্নী নাইজুন নেহাৰ দীৰ্ঘদিনৰ পৰাই এই মাৰাত্মক ড্ৰাগছৰ বেহাৰ লগত জড়িত আছিল বুলি জানিবলৈ দিলে আৰক্ষীয়ে ।

আনহাতে বুধবাৰে অত্যাধিক ড্ৰাগছ সেৱন কৰাই কিশোৰী গৰাকীক মৃত্যুৰ মুখলৈ থেলি দিয়া ঘটনাৰ লগত জড়িত তৃতীয় জন কিশোৰকো বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰাৰ লগতে জব্দ কৰিলে বুধবাৰৰ ড্ৰাগছ সেৱনৰ সময়ত দলটোৱে ব্যৱহাৰ কৰা এখন চুইফট ডিজায়াৰ বাহনো ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত্যু হোৱা কিশোৰীগৰাকীৰ সৈতে থকা আন এগৰাকী কিশোৰীও সন্ধানহীন হৈ আছিল যদিওঁ পৰৱৰ্তী সময়ত আৰক্ষীয়ে সন্ধানহীন কিশোৰী গৰাকীকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details